১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. অসমত পুনৰ ৩৪৬৩জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৪৫৭৩৩০জনলৈ পাইছে বৃদ্ধি।

২. বটদ্ৰৱা সমষ্টিৰ দলংঘাট ব্লক সমিতিৰ মহিলা সকলে কৰা প্ৰতিবাদত অংশগ্ৰহণ কৰি অসম ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক তথা মাইক্ৰ'ফাইনেন্স শোষণ বিৰোধী যৌথ সংগ্ৰামী মঞ্চৰ মুখ্য আহ্বায়ক অৰূপ কুমাৰ মহন্তই কয় যে, "প্ৰকৃত অৰ্থত গ্ৰামাঞ্চলৰ গৰিষ্ঠ সংখ্যক দুখীয়া পৰিয়াল ঋণমুক্তিৰ পৰা বঞ্চিত হ'ব।"

৩. মাধ্যমিক শিক্ষা ঠিকাভিত্তিক নিয়োজিত শিক্ষকসকলৰ বাবে সুখবৰ। অচিৰেই তেওঁলোকে লাভ কৰিব তিনি মাহৰ দৰমহা। এই শিক্ষকসকলৰ দৰমহাৰ বাবে বিত্ত বিভাগে মুকলি কৰিছে চিলিং। শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে ফেচবুক যোগে সদৰী কৰিছে এই কথা।

১ মিনিটত ২৫ খবৰ…

৪. শুকুৰবাৰে নিশা মোৰাঝাৰ  আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰ চাৱাজপুৰ গাঁৱত সংঘটিত এক ভয়াবহ অগ্নিকাণ্ডত দহ লক্ষাধিক টকা মূল্যৰ সা-সম্পত্তি ভস্মীভূত হোৱাৰ ঘটনাই অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

৫. কলিয়াবৰ মহকুমাৰ মিছাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত শুক্ৰবাৰে বিয়লি এখন বলেৰ' গাড়ীৰ পৰা বৃহৎ পৰিমাণৰ ধনৰাশিৰ লগতে মূল্যবান আগৰ কাঠৰ টুকুৰা উদ্ধাৰ কৰা হৈছে।

১ মিনিটত ২৫ খবৰ…

৬. পুনৰ কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ। আৰক্ষী আৰু চি আৰ পি এফৰ জোৱানক লক্ষ্য কৰি সংঘটিত কৰিছে এই আক্ৰমণৰ ঘটনা। সন্ত্ৰাসবাদীৰ এই আক্ৰমণত শ্বহীদ হৈছে দুগৰাকী আৰক্ষী জোৱান আৰু দুগৰাকী সাধাৰণ নাগৰিক। 

৭. খ্যাতিসম্পন্ন চিকিৎসক ডা:ভূপেন্দ্ৰ শইকীয়াৰ মৃত্যু। শনিবাৰে পুৱতি নিশা মৃত্যু হয় বিশিষ্ট চিকিৎসকগৰাকীৰ। চিকিৎসকৰ লগতে এগৰাকী সুলেখকো আছিল শইকীয়া। তেখেতৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ।

৮. দিল্লীত সংঘটিত হৈছে এক অগ্নিকাণ্ডৰ ঘটনা। ৰাজধানী চহৰখনৰ লাজপট নগৰ অঞ্চলৰ চেণ্ট্ৰেল মাৰ্কেটৰ এটা কাপোৰৰ শ্ব'ৰুমত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা।

৯. শনিবাৰৰ দিনটোত অসমত সুস্থ হয় ৫৬০০জন লোক। ৰাজ্যখনত উক্ত দিনটোত কোৰোনাত আক্ৰান্ত ৪২জনৰ মৃত্যু।

১ মিনিটত ২৫ খবৰ…

১০. মহাৰাষ্ট্ৰত পুনৰ ১০৬৯৭জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়ালৈকে ৰিকভাৰী ৰেট ৯৫.৪৮ শতাংশলৈ পাইছে বৃদ্ধি।

১১. অন্ধ্ৰপ্ৰদেশ-ওড়িশ্যা সীমান্তত উদ্ধাৰ আইইডি। বিএছএফে উদ্ধাৰ কৰে এই আইইডিখিনি।

১২. মিজোৰামৰ কাকিচুৱা এলেকাত আছাম ৰাইফলৰ অভিযান। উদ্ধাৰ কৰে ৯ এম এম পিষ্টল সহ বহু অস্ত্ৰ-শস্ত্ৰ।

১ মিনিটত ২৫ খবৰ…

১৩. হিমাচলপ্ৰদেশত পুনৰ ৩৭০জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ১৭জনৰ মৃত্যু।

১৪. তামিলনাডুত পুনৰ ১৫১০৮জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈআছে ১৬২০৭৩জন ৰোগী।

১৫. ছণ্ডীগড়ত পুনৰ ৫৮জনৰ দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি। ৰাজ্যখনত শনিবাৰৰ দিনটোত কোৰোনাত আক্ৰান্ত তিনিজনৰ মৃত্যু।

১৬. উত্তৰাখণ্ডত যোৱা ২৪ ঘন্টাত ৪৬৩জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই সময়চোৱাত কোৰোনাত আক্ৰান্ত ১৯জনৰ মৃত্যু।

১৭. যোৱা ২৪ ঘন্টাত তেলেংগানাত পুনৰ ১৭৭১জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই সময়চোৱাত কোৰোনাত আক্ৰান্ত ১৩জনৰ মৃত্যু।

১ মিনিটত ২৫ খবৰ…

১৮. চুবুৰীয়া ৰাজ্য মণিপুৰত দিনকদিনে বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ। ৰাজ্যখনত শনিবাৰৰ দিনটোত ৫৫৪জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।

১৮. কেৰালাত নতুনকৈ ১৩৮৩২জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১২৯৪৮৮জন ৰোগী।

১৯. গোৱাত পুনৰ ৪৭২জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৫০৫৭জন ৰোগী।

২০. দিল্লীত পুনৰ ২১৩জনৰ দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি। ৰাজ্যখনত পজিটিভিটী ৰেট ০.৩০ শতাংশ ।

২১. কাবুলত দুটাকৈ বিস্ফোৰণৰ ঘটনা সংঘটিত। এই বিস্ফোৰণত নিহত ৫জনকৈ লোক।

১ মিনিটত ২৫ খবৰ…

২২. অন্ধ্ৰপ্ৰদেশত পুনৰ ৬৯৫২জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ৫৮জনৰ মৃত্যু।

২৩. দিল্লীৰ লাজপট নগৰ এলেকাত অগ্নিকাণ্ড। এটা কাপোৰৰ শ্বৰূমত সংঘটিত এই অগ্নিকাণ্ড।

১ মিনিটত ২৫ খবৰ…

২৪. মুম্বাইত পুনৰ ৭৩৩জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ১৮জনৰ মৃত্যু।

২৫. শনিবাৰে গণশিল্পী খগেন মহন্তৰ সপ্তম মৃত্যুবাৰ্ষিকী। সমগ্ৰ ৰাজ্যজুৰি স্মৰণ কৰাৰ লগতে পাঞ্জাবাৰীস্থিত তেখেতৰ সমাধিস্থলীতো আয়োজন কৰা হৈছে বিশেষ অনুষ্ঠানৰ। শ্ৰদ্ধাঞ্জলি এই অনুষ্ঠানত বিশিষ্ট কেইবাগৰাকীও ব্যক্তিৰ লগতে উপস্থিত থাকে পুত্ৰ অংগৰাগ পাপন মহন্ত।

১ মিনিটত ২৫ খবৰ…

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in