ঢকুৱাখনাত পথ দুৰ্ঘটনা, এজন যুৱক নিহত

ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত চেতিয়া গাঁওৰ ৰাজপথত বৃহস্পতিবাৰে সংঘটিত এক পথ দুৰ্ঘটনাত এজন যুৱকৰ অকাল মৃত্যু ঘটে। মৃত যুৱকজনৰ নাম পুতুল বৰুৱা।

author-image
Asomiya Pratidin
New Update
BREAKING NEWS

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত চেতিয়া গাঁওৰ ৰাজপথত বৃহস্পতিবাৰে সংঘটিত এক পথ দুৰ্ঘটনাত এজন যুৱকৰ অকাল মৃত্যু ঘটে। মৃত যুৱকজনৰ নাম পুতুল বৰুৱা।

Advertisment

 দৈনিক কৰ্ম কৰি জীৱন নিৰ্বাহ কৰা ঢকুৱাখনা নগৰৰ ঘাহি গাঁওৰ ৰামচন্দ্ৰ বৰুৱাৰ পুত্ৰ পুতুল বৰুৱাই (২৭) পশ্চিম ঢকুৱাখনাৰ চেতিয়া গাঁওৰ গ্ৰাম্য পথেৰে বাইক চলাই আহি থকা অৱস্থাত হঠাৎ পথ দুৰ্ঘটনাত পতিত হয়। বৃহস্পতি বাৰে সন্ধিয়া প্ৰায় ৬-৩৫ বজাত এই দুৰ্ঘটনা সংঘটিত হয়। গুৰুতৰভাবে আহত বৰুৱাক প্ৰথমে এখন এম্বুলেন্স সেৱাৰ জৰিয়তে ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদানৰ পৰৱৰ্তী সময়ত চিকিৎসকে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পটাললৈ প্ৰেৰণ কৰিছিল। কিন্তু চিকিৎসালয়লৈ নিয়াৰ পথতে শেষ নিশ্বাস ত্যাগ কৰে যুৱকজনে। 

কৰ্মঠ যুৱকজনৰ আকস্মিক বিয়োগত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত তেওঁ পত্নী, এটি কন্যা শিশু আৰু অজস্ৰ ইষ্ট কুটুম্বক ইস সংসাৰত এৰি গৈছে। 

ঢকুৱাখনা