৬০ টা হাতীয়ে বন্ধ কৰি ৰাখিছে ধোদৰ আলি : এজন ব্যক্তিক গছকি দুয়োখন ভৰি ভাঙিলে বন্য়হস্তীয়ে…

৬০ টা হাতীয়ে বন্ধ কৰি ৰাখিছে ধোদৰ আলি : এজন ব্যক্তিক গছকি দুয়োখন ভৰি ভাঙিলে বন্য়হস্তীয়ে…

ডিজিটেল সংবাদ মৰিয়নিঃ মৰিয়নিত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডব। গিৱন অভয়াৰণ্যৰ মাজত ধোদৰ আলিত এজন পথচাৰীক আক্ৰমণ কৰিলে বন্যহস্তীয়ে । হাতীৰ গচকত গুৰুতৰভাবে আহত মৰিয়নিৰ গজপুৰীয়াৰ থগীৰাম ফুকন নামৰ এজন ব্যক্তি।

সংকতজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰন কৰা হৈছে আহত ফুকনক। জানিব পৰা মতে হাতীৰ গচকত দুয়োটা ভৰি ভাগি গৈছে ফুকনৰ।মৰিয়নি নগৰৰপৰা গৃহঅভিমুখে বাইকেৰে গৈ থাকোতে সংঘটিত হয় দুৰ্ভাগ্যজনক ঘটনাটো।

বৰ্তমানেও ধোদৰ আলিত অৱস্থান কৰি আছে প্ৰায় ৬০টা বন্যহস্তীৰ এটা জাকে ।বন্যহস্তীয়ে এইদৰে পথটো অৱৰোধ কৰি ৰখাৰ ফলত ফলত স্তব্ধ হৈ পৰিছে আমগুৰি-মৰিয়নি ধোদৰ আলিত যান বাহনৰ চলাচল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in