/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/04/corona-1.jpg)
প্ৰতীকি ফটো
ডিজিটেল ডেস্ক:
সমগ্ৰ বিশ্বতে কৰ'ণাৰ ত্ৰাস অব্যাহত আছে। কৰ'ণাত আক্ৰান্ত হৈ ইতিমধ্যে বিশ্বত লাখ লাখ লোকে প্ৰাণ হেৰুৱাইছে। কৰ'ণাৰ প্ৰথম, দ্বিতীয়ৰ পিছত এইবাৰ তৃতীয় ঢৌৱে বিশ্ববাসীৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে।
ইয়াৰ মাজতে ব্ৰিটেইন আৰু স্পেইনে কভিডক বিদায় দিয়াৰ সিদ্ধান্ত লৈছে। বুধবাৰে ব্ৰিটেইন চৰকাৰে ঘোষণা কৰে যে কৰ'ণা অথবা নতুন ভেৰিয়েন্ট অমিক্ৰণৰ ওপৰত থকা সকলো ধৰণৰ নিষেধাজ্ঞা আঁতৰ কৰা হব।
কেৱল ইমানেই নহয়, ইংলেণ্ডত এতিয়াৰ পৰা নাথাকিব কোনো ধৰণৰ ৱাৰ্ক ফৰ্ম হোম, লগতে মাস্ক পৰিধান কৰাৰ ক্ষেত্ৰটো নাথাকিব কোনো বাধ্য বাধকতা। উল্লেখ্য যে, ইংলেণ্ডত এতিয়ালৈকে ৯০ শতাংশক কভিডৰ বুষ্টাৰ ডজ প্ৰদান কৰা হৈছে।
অন্যহাতে স্পেইনটো এতিয়াৰে পৰা কৰ'ণাক মহামাৰীৰ বিপৰীতে এণ্ডামিক ইলনেছ হিচাপে গন্য কৰা হব। স্পেইন চৰকাৰে ঘোষণা কৰিছে কেনেদৰে কৰ'ণাক এতিয়া সাধাৰণ জ্বৰ পানীলগাৰ দৰে গন্য কৰা হ'ব।
ইয়াৰ বিপৰীতে ভাৰতত এতিয়া ক'ম হোৱা নাই কৰণাৰ উদ্বেগ।ৰাজ্য চৰকাৰৰ পৰা আৰম্ভ কৰি কেন্দ্ৰীয় চৰকাৰেও কৰ'ণাক লৈ জাৰি কৰি আহিছে ইটোৰ পিছত সিটো নতুন নীতি-নিৰ্দেশনা।
ভাৰতৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে কৰ'ণাক লৈ দিয়া নতুন নিৰ্দেশনা অনুসৰি হোম কোৱাৰাইন্টাইনৰ সময়সীমা পূৰ্বৰ ১৪ দিনৰ পৰিৱৰ্তে ৭ দিন কৰি দিয়া হৈছে। লগতে কোনো কৰণা আক্ৰান্ত ব্যক্তিৰ একেৰাহে ৩ দিন জ্বৰ নাহিলে তেওঁৰ কোনো ধৰণৰ কৰ'ণা পৰীক্ষা কৰাৰ প্ৰয়োজন নাই।
লগতে নিৰ্দেশনাত উল্লেথ আছে যে হোম আইচলেশ্যনত থকা ব্যক্তিয়ে চিকিতসকৰ পৰামৰ্শ অনুসৰি ঘৰতে সকলো সুবিধা কৰি ল'ব লাগিব।
এই খিনিতে মনকৰিবলগীয়া যে. অসমতো বহুলোক নতুনকৈ আক্ৰান্ত হৈছে। বিগত ২-৩ দিনত ৰাজ্যত অত্যাধিক হাৰত বৃদ্ধি পাইছে কৰ'ণা। কিন্তু পূৰ্বৰ তুলনাত এইবাৰ ৰাজ্যত হস্পাতালত ভৰ্তি ৰোগী অথবা মৃত্যুৰ সংখ্যা ক'ম।
যি সময়ত ব্ৰিটেইন, স্পেইন আদি দেশ সমূহে কভিডৰ অস্তিত্বক অস্বীকাৰ কৰি বিদায় দিছে তেনেস্থলত ভাৰতত এতিয়াও প্ৰায় প্ৰতিদিনেই কৰ'ণাক লৈ নতুন নতুন এছঅ'পি দেশবাসীৰ ওপৰত জাপি দিছে।বিদেশী ৰাষ্ট্ৰ সমূহে কৰণাৰ সৈতে যুঁজ দি আগবাঢ়ি যোৱাৰ চিন্তা কৰাৰ বিপৰীতে এতিয়াও ভাৰতত নিতৌ জাৰি কৰা নতুন নতুন নিৰ্দেশনাই দেশবাসীক থমকি ৰোৱাৰ বাবে বাধ্য কৰাইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us