আকৌ কোৰোনা : সম্পূৰ্ণৰূপে বন্ধ স্কুল, কলেজ, চিনেমা হল…

আকৌ কোৰোনা : সম্পূৰ্ণৰূপে বন্ধ স্কুল, কলেজ, চিনেমা হল…

author-image
asomiyapratidin
New Update
আকৌ কোৰোনা : সম্পূৰ্ণৰূপে বন্ধ স্কুল, কলেজ, চিনেমা হল…

ডিজিটেল ডেস্কঃ দিল্লীত কোৰোনাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ লগতে কোৰোনাৰ নতুন প্ৰকাৰ অমিক্ৰনত আক্ৰান্তৰ সংখ্যাও দিনক দিনে বৃদ্ধি পাইছে। যাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী অৰবিন্দ কেজিৰিৱালে দিল্লীত গ্ৰেডেড ৰেচপন্স একচন প্লেনৰ অধীনত হালধীয়া সতৰ্কতা জাৰি কৰিছে। সেই অনুসৰি দিল্লীত জনসাধাৰণে পালন কৰিব লাগিব বহু কেইটা কঠোৰ কোভিড প্ৰ'টকল।

Advertisment

সেই অনুসৰি দিল্লীত বিদ্যালয়, স্পা, জিম, ফিটনেছ কেন্দ্ৰ বন্ধ কৰা হৈছে। মেট্ৰ' আৰু বাছত মাত্ৰ ৫০ শতাংশ যাত্ৰীৰ হে অনুমতি প্ৰদান কৰা হৈছে। দিল্লীৰ চপিং মলবোৰো যুগ্ম আৰু অযুগ্ম নীতি অনুসৰিহে খুলিব পাৰিব।

ইফালে দিল্লীৰ শেহতীয়া কোভিড পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কৈছে, যে দিল্লীত 'গ্ৰেডেড ৰেচপন্স একচন প্লেন'ৰ অধীনত হালধীয়া সতৰ্কতা জাৰি কৰা হৈছে আৰু সেই অনুসৰি নিষেধাজ্ঞা আৰোপ কৰা হ'ব। তেওঁ কয় যে কোভিড-১৯ৰ সংক্ৰমণৰ ঘটনা আৰু সংক্ৰমণৰ ক্ষেত্ৰত বৃদ্ধি হোৱা স্বত্বেও অক্সিজেন বা ভেণ্টিলেটৰৰ ব্যৱহাৰ বৃদ্ধি হোৱা নাই। "দিল্লীত কোভিড-১৯ ৰ সংক্ৰমণৰ সৈতে মোকাবিলা কৰিবলৈ পূৰ্বৰে পৰা ১০ গুণ অধিক প্ৰস্তুতি চলাইছো।

শেহতীয়া নিৰ্দেশনা অনুসৰি দিল্লীত কি কি খুলিব পাৰিব বা কোনবোৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰা হ'ব :

  • বিদ্যালয়, মহাবিদ্যালয়, শিক্ষানুষ্ঠান আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান বন্ধ থাকিব।
  • অপ্ৰয়োজনীয় সেৱা বা সামগ্ৰী থকা দোকান আৰু মলবোৰ যুগ্ম-অযুগ্ম নিয়মৰ অধীনত পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৮ বজালৈ খোলা থাকিব।
  • ব্যক্তিগত কাৰ্যালয়সমূহ পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ৫০ শতাংশ কৰ্মচাৰীৰে খুলিবলৈ অনুমতি দিয়া হ'ব।
  • ৰেষ্টুৰেণ্টবোৰ ৫০ শতাংশ গ্ৰাহকৰ উপস্থিতিৰে খুলিব পাৰিব। ৰাতিপুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ খুলিব পাৰিব ৰেষ্টুৰেণ্টবোৰ।
  • আনহাতে বাৰবোৰ ৫০ শতাংশ গ্ৰাহকৰ উপস্থিতিত দুপৰীয়া ১২ বজাৰ পৰা নিশা ১০ বজালৈ খুলিব পাৰিব।
  • চিনেমা হল, মাল্টিপ্লেক্স, বেঙ্কুৱেট হল আৰু প্ৰেক্ষাগৃহ সম্পূৰ্ণৰূপে বন্ধ থাকিব।
  • হোটেলবোৰ খোলা থাকিব কিন্তু হোটেলৰ ভিতৰত বেঙ্কুৱেট আৰু কনফাৰেন্স হল বন্ধ থাকিব।
  • স্পা, জিম, যোগ প্ৰতিষ্ঠান আৰু মনোৰঞ্জন উদ্যান বন্ধ থাকিব।
  • দিল্লী মেট্ৰ'সেৱা ৫০ শতাংশ আসন ক্ষমতাৰে চলিব।
  • এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ যোৱা বাছসমূহ ৫০ শতাংশ আসন ক্ষমতাৰে চলিব।
  • আনহাতে মাত্ৰ দুজন যাত্ৰীক অটো, ই-ৰিক্সা, টেক্সি আৰু চাইকেল ৰিক্সাত যাত্ৰা কৰিবলৈ অনুমতি দিয়া হ'ব।
  • ক্ৰীড়া কমপ্লেক্স, ষ্টেডিয়াম আৰু চুইমিং পুল বন্ধ কৰিব লাগিব।
  • কেৱল ২০ জন লোকক বিবাহ আৰু শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকিবলৈ অনুমতি দিয়া হ'ব।
  • ধৰ্মীয় স্থানসমূহ মুকলি থাকিব কিন্তু ভক্তসকলৰ প্ৰৱেশ সীমিত কৰা হ'ব।


— ANI (@ANI) December 28, 2021