ভেকচিন নীতি পুনঃপৰ্যালোচনা কৰিবলৈ আহ্বান ৰাষ্ট্ৰীয় কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীৰ…

ভেকচিন নীতি পুনঃপৰ্যালোচনা কৰিবলৈ আহ্বান ৰাষ্ট্ৰীয় কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীৰ…

author-image
asomiyapratidin
New Update
ভেকচিন নীতি পুনঃপৰ্যালোচনা কৰিবলৈ আহ্বান ৰাষ্ট্ৰীয় কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীৰ…

ডিজিটেল ডেস্কঃ দেশত দ্ৰুত গতিত কোৰােনাই ভয়ানক ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে অহা ১ মে'ৰ পৰা ১৮ বছৰৰ ঊৰ্ধ্বৰ লোকক ভেকচিন প্ৰদান কৰাৰ কথা ঘোষণা কৰে। কোৰোনাৰ ভেকচিন 'কভিশ্বিল্ড' প্ৰস্তুত কৰা প্ৰতিষ্ঠান ছিৰাম ইনষ্টিটিউটে ভেকচিনৰ ভিন্ন ভিন্ন দাম ঘোষণা কৰিছে। প্ৰতিষ্ঠানটোৰ এই ঘোষণাক লৈ উদ্বিগ্ন হৈ পৰিছে কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধী।

Advertisment

সভানেত্ৰী গৰাকীয়ে এই বিষয় সমূহ সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত ভেকচিন নীতি সন্দৰ্ভত ভালেই কেইটা প্ৰশ্ন উত্থাপন কৰিছে। পত্ৰখনত তেওঁ কয় যে, চৰকাৰে ১৮ বছৰৰ ঊৰ্ধ্বৰ সকলো লোকক তেওঁলোকৰ অৰ্থনৈতিক অৱস্থাৰ কথা নাভাবি ভেকচিন প্ৰদানত গুৰুত্ব দিব লাগে। বিজেপিৰ চৰকাৰ কটাক্ছিষ কৰি তেওঁ কয় যে, ছিৰাম ইনষ্টিটিউটে প্ৰস্তুত কৰা 'কভিশ্বিল্ড' ভেকচিনৰ ক্ষেত্ৰত সুকীয়া সুকীয়া দাম নিৰ্ধাৰণ কৰিছে। এই দাম নিৰ্ধাৰণ কৰাটো মোডী চৰকাৰৰ নতুন ভেকচিন নীতি। এই নীতিৰল আধাৰতহে প্ৰকৃত প্ৰতিষ্ঠানটোৱে দাম নিৰ্ধাৰণ কৰিছে বুলি কংগ্ৰেছ সভানেত্ৰী গৰাকীয়ে অভিহিত কৰে।

জানিব পৰা মতে, প্ৰতিষ্ঠানটোৱে ভেকচিনৰ প্ৰতিটো ডোজ কেন্দ্ৰীয় চৰকাৰক ১৫০ টকাত বিক্ৰী কৰিছে। কিন্তু কেন্দ্ৰীয় চৰকাৰে এই ভেকচিন ৰাজ্য চৰকাৰক ৪০০ টকাত আৰু ব্যক্তিগত চিকিৎসালয়ক ৬০০ টকাত বিক্ৰী কৰাৰ কথা ঘোষণা কৰিছে।

গান্ধীয়ে কয় যে, এনে দাম ঘোষণাৰ ফলত সাধাৰণ জনতাই অধিক দামত ভেকচিন ক্ৰয় কৰিব লাগিব। লগতে ৰাজ্য চৰকাৰ সমূহৰ ওপৰত অতিৰিক্ত বোজা পৰিব। পত্ৰখনত এই গোটেইবোৰ বিষয় সামৰি পুনৰ চৰকাৰক বিবেচনা কৰিবলৈ আহ্বান জনায়। লগতে কোৰোনাৰ এই যুদ্ধখনত বিৰোধীৰ সৈতে একেলগ হৈ যুঁজ দিবলৈ তেওঁ আহ্বান জনায়।