চিনিয়েই নাপালে! কোভিড ভেকচিনৰ সলনি দিলে কুকুৰে কামুৰিলে দিয়া এন্টিভেন’ম…

চিনিয়েই নাপালে! কোভিড ভেকচিনৰ সলনি দিলে কুকুৰে কামুৰিলে দিয়া এন্টিভেন’ম…

author-image
asomiyapratidin
New Update
চিনিয়েই নাপালে! কোভিড ভেকচিনৰ সলনি দিলে কুকুৰে কামুৰিলে দিয়া এন্টিভেন’ম…

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশত এক আজৱ কাণ্ড। এই আজৱ কাণ্ড সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ শামলী জিলাৰ কান্ধলা স্বাস্থ্য কেন্দ্ৰত। জানিব পৰা মতে, কান্ধলা নামৰ এই স্বাস্থ্য কেন্দ্ৰটোত তিনিগৰাকীৰ মহিলাই কোভিড ভেকচিন ল'বলৈ গৈছিল। কিন্তু ভেকচিন লৈ আহিয়েই মহিলাকেইগৰাকীয়ে ঘৰলৈ নগৈ গ'ল আৰক্ষী চকীলৈ।

Advertisment

মহিলা তিনিগৰাকীয়ে অভিযোগ কৰা মতে, তেওঁলোকক কোভিড ভেকচিনৰ পৰিৱৰ্তে দিলে কুকুৰে কামুৰিলে দিয়া বেজী অৰ্থাৎ ৰেবিজৰ এন্টিভেন'ম। এনে আজৱ কাণ্ডই সমগ্ৰ জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ভেকচিন লোৱাৰ সময়ত তেওঁলোকৰ আধাৰ কাৰ্ড পৰীক্ষা নকৰাত ভুক্তভোগী এগৰাকী মহিলাই আধাৰ কাৰ্ড কিয় পৰীক্ষা কৰা নাই বুলি প্ৰশ্ন কৰাতহে উক্ত কৰ্মকাণ্ড পোহৰলৈ আহে। মহিলাগৰাকীৰ প্ৰশ্নৰ উত্তৰত এগৰাকী স্বাস্থ্য কৰ্মীয়ে কয় যে, কুকুৰে কামুৰিলে দিয়া বেজীৰ বাবে আধাৰ কাৰ্ডৰ প্ৰয়োজন নহয়। ভুক্তভোগী তিনি গৰাকী মহিলা ক্ৰমে অনাৰকলী(৭২), সৰোজ(৭০) আৰু সত্যৱতী৬০ বুলি জানিব পৰা গৈছে।

ঘটনা সন্দৰ্ভত জিলা উপায়ুক্ত তদন্ত ঘোষণা কৰিছে। জিলা উপায়ুক্তই জনোৱা মতে, যদিহে এই ঘটনা প্ৰকৃতাৰ্থত সত্য বুলি বুলি প্ৰমাণিত হয়, তেন্তে এনে আজৱ কাৰ্যত লিপ্ত থকা প্ৰতিগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।