কোৰোনা পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰক ৰাষ্ট্ৰীয় আঁচনি দাখিল কৰিবলৈ আহ্বান উচ্চতম ন্যায়ালয়ৰ…

কোৰোনা পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰক ৰাষ্ট্ৰীয় আঁচনি দাখিল কৰিবলৈ আহ্বান উচ্চতম ন্যায়ালয়ৰ…

author-image
asomiyapratidin
New Update
কোৰোনা পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰক ৰাষ্ট্ৰীয় আঁচনি দাখিল কৰিবলৈ আহ্বান উচ্চতম ন্যায়ালয়ৰ…

ডিজিটেল ডেস্কঃ দেশত কোৰোনাৰ বিভীষিকা। সমগ্ৰ জনতা এতিয়া সংকটৰ গৰাহত।এনে সময়তে বৃহস্পতি বাবে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰক চৰকাৰ পৰা অক্সিজেন যোগান, ৰোগীৰ চিকিৎসাৰ বাবে প্ৰয়োজন হোৱা ঔষধৰ যোগানৰ বাবে অত্যাৱশ্যকীয় ঔষধৰ যোগান আদি বিষয় সমূহক লৈ ৰাষ্ট্ৰীয় আঁচনি দাখিল কৰিবলৈ আহ্বান জনাইছে।

Advertisment

উচ্চতম ন্যায়ালয়ে দেশত ৰাষ্ট্ৰীয় জৰুৰী কালীল পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি কেন্দ্ৰীয় চৰকাৰলৈ জাননী জাৰি কৰিছে। ন্যায়ালয়ে এই সমগ্ৰ বিষয় সন্দৰ্ভত নিজাববীয়াকৈ শুনানি গ্ৰহণ কৰে। দেশত অক্সিজেনৰ নাটনি, ৰোগীৰ বাবে বিছনা, ভেন্টেলেশ্যন, অত্যাৱশ্যকীয় ঔষধৰ নাটনি হোৱা কথাটো গুৰুত্ব সহকাৰে লয়। ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা চাৰিটা বিষয়ৰ ওপৰত ৰাষ্ট্ৰীয় আঁচনি বিচাৰিছে।

জানিব পৰা মতে, এই বিষয় সমূহৰ ওপৰত অহা ২৩ এপ্ৰিলত শুনানি গ্ৰহণ কৰিব। মুখ্য ন্যায়াধীশ এ এছ বোবদেই কয়- কোৰোনা পৰিস্থিতি আৰু অক্সিজেনৰ নাটনি হোৱাৰ সন্দৰ্ভত দেশৰ ৬ খন সুকীয়া সুকীয়া উচ্চ ন্যায়ালয় দিল্লী, মুম্বাই, ছিকিম, মধ্য প্ৰদেশ, কলকাতা আৰু এলাহাবাদ উচ্চ ন্যায়ালয়ত শুনানি চলি থকাটো পৰিলক্ষিত হয়। তেওঁক লৈ গঠিত এখন বিচাৰপীঠে এই বিষয়বোৰক লৈ কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় পৰিকল্পনা আদালতত দাখিল কৰিবলৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাক নিৰ্দেশ দিয়ে।

ইয়াৰ উপৰিও উচ্চতম ন্যায়ালয়ে ভেকচিন প্ৰদান প্ৰনালী আৰু লকডাউন ঘোষণাৰ অধিকাৰ সন্দৰ্ভতো উত্তৰ বিচাৰিছে। লকডাউনৰ সিদ্ধান্ত প্ৰতিখন ৰাজ্য চৰকাৰৰ হাতত থকিব লাগে। ই ন্যায়িক সিদ্ধান্ত হ'ব নালাগে। তথাপিও বিভিন্ন ৰাজ্যৰ উচ্চ ন্যায়ালয় সমূহৰ লকডাউন ঘোষণা অধিকাৰৰ বিষয়টো আমি পৰীক্ষা কৰিব চাম বুলি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গৰাকীয়ে ব্যক্ত কৰে ।