/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/pm-modi-specc.jpg)
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে সমগ্ৰে দেশত কোভিড-১৯ ৰ প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত ১০০ কোটিৰ সীমা স্পৰ্শ কৰিলে। এই উপলক্ষে শুকুৰবাৰে পুৱা ১০ বজাত দেশবাসীক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ১০০ কোটিৰ মাইলৰ খুঁটি অতিক্ৰম কৰাৰ পাছতে প্ৰধানমন্ত্ৰীয়ে কয় যে, এইয়া কেৱল এটা সংখ্যাই নহয়, দেশৰ সামৰ্থ্য আৰু "নতুন ভাৰত"ৰ প্ৰতীক। তেওঁ লগতে কয় যে, ভাৰতৰ সমালোচকসকলক নীৰৱ হৈ পৰিছে।১০০ কোটি ভেকছিন কেৱল এটা সংখ্যা নহয়। ই দেশৰ সামৰ্থ্যৰ প্ৰতিফলন, ই দেশৰ এক নতুন অধ্যায়। ভাৰত এনে এখন দেশ যিয়ে বৃহৎ লক্ষ্য কেনেদৰে অতিক্ৰম কৰিব লাগে জানে।
মন কৰিবলগীয়া যে ২০২০ চনৰ মাৰ্চ মাহৰ পৰা বৰ্তমানলৈকে প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দেশবাসীক সম্বোধন কৰি দিয়া ভাষণৰ ভিতৰত আছিল এইয়া দশমটো ভাষণ। ২০২০ চনৰ ১৯ মাৰ্চত প্ৰধানমন্ত্ৰী মোডীয়ে কোভিড-১৯ সংক্ৰমণৰ মাজতে জনতা কাৰ্ফিউ ঘোষণা কৰিবলৈ প্ৰথমবাৰৰ বাবে দেশবাসীক সম্বোধন কৰিছিল।
দিনটোৰ আৰম্ভণিতে ভাৰতৰ কোভিড প্ৰতিষেধক প্ৰদান অভিযানক "উদ্বেগৰ পৰা আশ্বাসলৈ" যাত্ৰা বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উল্লেখ কৰিছিল "বিশ্বৰ সৰ্ববৃহৎ টিকাকৰণ অভিযানৰ বাবে উদ্বেগৰ পৰা আশ্বাসলৈ যাত্ৰা ঘটিছে আৰু আমাৰ ৰাষ্ট্ৰ শক্তিশালী হৈ উঠিছে। তেওঁ দেশবাসীক অভিনন্দন জনাই আগন্তুক উৎসৱসমূহৰ বাবে শুভকামনা প্ৰেৰণ কৰিছে।লগতে দেশবাসীক কোৰোনা ভাইৰাছৰ বিৰুদ্ধে সতৰ্ক হৈ থাকিবলৈও আহ্বান জনাইছে। কোভিড প্ৰতিষেধক প্ৰদান কৰাৰ এই সমগ্ৰ প্ৰক্ৰিয়াটোক তেওঁ 'সবকা সাথ, সবকা বিকাশ' নাতিৰ এক জীৱন্ত উদাহৰণ বুলিও অভিহিত কৰিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কোভিড প্ৰতিষেধকৰ হিতাধিকাৰী সন্দৰ্ভত কয় যে, কোভিড-১৯ য়ে কাক প্ৰভাৱিত কৰে সেই বিষয়ে ক'ব নোৱাৰি বা কোভিডে বাচি বাচি সংক্ৰমণ নকেৰ। তেনেদৰে বৈষম্যমূলক নীতিৰে টিকাকৰণো কৰিব নোৱাৰি। টিকাকৰণ কৰাৰ ক্ষেত্ৰত ভি ভি আই পি সংস্কৃতি চলাব নোৱাৰি। সমগ্ৰ বিশ্বই টিকাকৰণক লৈ যুঁজ দি আছে কিন্তু ভাৰতে ১০০ কোটি প্ৰতিষেধক প্ৰদানৰ কৃতিত্ব অৰ্জন কৰি বিশেষ গুৰুত্ব অৰ্জন কৰিছে।
দেশবাসীক সম্বোধন কৰাৰ সময়ত তেওঁ ভাৰতৰ এই কৃতিত্বক বিজ্ঞানৰ জয় আখ্যা দিছে। তেওঁ কেৱল ভাৰততে নহয়, বিশ্বৰ বিভিন্ন দেশৰ বাবে কোভিড প্ৰতিষেধক নিশ্চিত কৰাৰ আঁৰত থকা বৈজ্ঞানিক আৰু প্ৰযু্ক্তিগত উদ্ভাৱনক প্ৰশংসা কৰিছে। আনহাতে মোডীয়ে 'মেড ইন ইণ্ডিয়া' সমগ্ৰী ক্ৰয় কৰাৰ গৌৰৱ দেশবাসীয়ে বুজি পাইছে বুলি উল্লেখ কৰি কয়, পূৰ্বতে সামগ্ৰী ক্ৰয় কৰিলে কোন দেশত তৈয়াৰ কৰা হৈছে সেই বিষয়ে চৰ্চা চলিছিল। বৰ্তমান দেশৰ জনতাই ভাৰতত নিৰ্মিত সামগ্ৰী ক্ৰয়ৰ গুৰুত্ব বুজি পোৱাটো দেশৰ ইতিবাচকতাৰ এক ব্যাপক অনুভূতি বুলি কয়। তেওঁ দেশবাসীক স্বদেশত নিৰ্মিত সামগ্ৰী ক্ৰয় কৰিবলৈ পুনৰ আহ্বান জনায়।
ইফালে দেশৰ অৰ্থনৈতিক দিশটোৰ প্ৰসংগটো প্ৰধানমন্ত্ৰী মোডীয়ে মন্তব্য কৰিছে। তেওঁ কয় ভাৰতে অভিলেখ বিনিয়োগ দেখিছে। ভাৰত আৰু বিদেশৰ বিশেষজ্ঞসকলে দেশৰ অৰ্থনৈতিক সম্ভাৱনাক ইতিবাচক দৃষ্টিৰে চাইছে। লগতে তেওঁ কয়, দেশৰ যুৱক সকলৰ বাবে নতুন নিযুক্তিৰ সুযোগ সৃষ্টি কৰা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us