/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/omicron-23.jpg)
ডিজিটেল ডেস্কঃ দেশত বৃদ্ধি পোৱা অমিক্ৰনৰ ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক আহ্বান কৰিছে। এই বৈঠকত স্বাস্থ্য বিভাগৰ বিষয়া আৰু আন কেইবাটাও বিভাগৰ বিষয়া উপস্থিত থাকিব। বৈঠকত অমিক্ৰনৰ বৰ্ধিত সংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ আলোচনা কৰা হ'ব।
উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোডীয়ে বৃহস্পতিবাৰে পুনৰ কাশী ভ্ৰমণ কৰিছে। কাশীত তেওঁ প্ৰায় ২১ হাজাৰ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ কাম ৰূপায়ণ কৰিব। কাশীৰ পৰা উভতি আহিয়েই তেওঁ এই পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিব।
এই বৈঠকত কৰোনা নিৰ্দেশনা অধিক কঠোৰ কৰাৰ বিষয়ে আলোচনা কৰা হ'ব বুলি চৰ্চা চলিছে।একে সময়তে, খ্ৰীষ্টমাছ আৰু নৱবৰ্ষ উদযাপনৰ ওপৰত কিছু নিষেধাজ্ঞা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে বুলিও বিশেষ সূত্ৰত প্ৰকাশ পাইছে।
দেশত বৰ্তমান অমিক্ৰনত আক্ৰান্তৰ সংখ্যা ২৫৪ জনলৈ বৃদ্ধি পাইছে। অতি শেহতীয়াকৈ উত্তৰাখণ্ড আৰু হাৰিয়ানাতো কোৰোনাৰ এই নতুন প্ৰকাৰে প্ৰৱেশ কৰিছে।পশ্চিম বংগতো বিদেশৰ পৰা উভতি অহা ২ জন লোকক অমিক্ৰন পজিটিভ পোৱা গৈছিল। হাৰিয়ানাত ৪ জন সংক্ৰমিত ব্যক্তি চিনাক্ত কৰা হৈছে। কেৰালা আৰু গুজৰাটত বুধবাৰে ৯ জনকৈ নতুন ৰোগী চিনাক্ত কৰা হৈছে।
আনহাতে কেৰালাত অমিক্ৰনত আক্ৰান্তৰ সংখ্যা ২৪ লৈ বৃদ্ধি হৈছে। নতুনকৈ আক্ৰান্ত হোৱা ৯ জন লোকৰ সৈতে গুজৰাটত অমিক্ৰনত আক্ৰান্তৰ সংখ্যা ২৩ লৈ বৃদ্ধি হৈছে। দিল্লী চৰকাৰে বুধবাৰে অমিক্ৰনৰ বৰ্ধিত সংক্ৰমনৰ বাবে খ্ৰীষ্টমাছ আৰু নৱবৰ্ষ উদযাপন নিষিদ্ধ কৰিছে।ৰাজ্যখনত বাৰ আৰু চিনেমা হল ৫০ শতাংশ লোকৰ উপস্থিতিত মুকলি হ'ব।
ইয়াৰ উপৰিও অধিক দৰ্শক সমাগম হোৱা সকলো ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী আয়োজন কৰাটোত বাধা প্ৰদান কৰিছে দিল্লী চৰকাৰে।এই সম্পৰ্কে দিল্লীৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই নতুন নিৰ্দেশ জাৰি কৰিছে। দিল্লী আৰক্ষী আৰু প্ৰশাসনক এই সম্পৰ্কীয় আদেশবোৰ কঠোৰভাৱে পালন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
উল্লেখ্য যে, কোৰোনাৰ নতুন প্ৰকাৰ অমিক্ৰন বিশ্বৰ ১০০ খনতকৈও অধিক দেশলৈ বিয়পি পৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড ৰছে এই প্ৰসংগত কয় যে, বিশ্বৰ সকলো দেশৰ চৰকাৰে এই মহামাৰীটো দূৰ কৰাৰ দিশত কাম কৰা উচিত। তেওঁ কৈছে যে, ২০২২ বৰ্ষত এই মহামাৰী সম্পূৰ্ণৰূপে শেষ কৰিব লাগে। যদি অহা বছৰৰ জুলাই মাহৰ ভিতৰত প্ৰতিখন দেশৰ জনসংখ্যাৰ ৭০ % লোকক টিকাকৰণ কৰা হয় তেনে এই মহামাৰী দূৰ কৰিব পৰা যাব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us