ভয় নকৰিব : ভয়াবহ নহয় অমিক্ৰন, শেষ হ’ব কোৰোনা….

ভয় নকৰিব : ভয়াবহ নহয় অমিক্ৰন, শেষ হ’ব কোৰোনা….

author-image
asomiyapratidin
New Update
ভয় নকৰিব : ভয়াবহ নহয় অমিক্ৰন, শেষ হ’ব কোৰোনা….

ডিজিটেল ডেস্কঃ অমিক্ৰনৰ সংক্ৰমণ দ্রুত বৃদ্ধি ঘটিলেও এই সংক্ৰমণৰ মাজত চিকিৎসা বিশেষজ্ঞসকলে বিচাৰি পাইছে আশাৰ কিৰণো। বিশ্বৰ আগশাৰীৰ বহু বিশেষজ্ঞৰ দাবী-তথ্যই প্ৰমাণ কৰিছে অ'মিক্ৰনেৰেই অন্ত পৰিব কোৰোনা মহামাৰীৰ তাণ্ডৱ। বিশ্বজুৰি চলোৱা ৫টাকৈ অধ্যয়নত প্রমাণিত হৈছে যে পূৰ্বৰ কোৰোনা প্রজাতিৰ তুলনাত অমিক্রনে সহজে হাওঁফাওঁত আক্ৰমণ নকৰে।

Advertisment

জাপানী আৰু আমেৰিকান বিজ্ঞানীৰ এটা দলে অমিক্রন আক্রান্ত এন্দুৰ আৰু নিগনিৰ হাওঁফাওঁত অমিক্ৰনে আক্রমণ কৰাৰ কোনো প্রমাণ নাপালে। বেলজিয়ামত চলোৱা আন এটা অধ্যয়নত একে প্রমাণ পালে। যি এন্দুৰ বা নিগনি পূৰ্বতে কোৰোনাত আক্রান্ত হ'লে হাওঁফাওঁৰ জটিলতাত ভুগিছিল, অমিক্ৰন আক্ৰান্তৰ পিচত তেনে কোনো প্ৰমাণ পোৱা নগ'ল।

অমিক্ৰনৰ উৎস দেশ দক্ষিণ আফ্রিকাত চলোৱা আন এটা বৈজ্ঞানিক সমীক্ষাতো প্রমাণিত হৈছে যে পূৰ্বৰ কোৰোনা ভাইৰাছতকৈ অমিক্ৰনত আক্ৰান্তই অধিক জটিলতাত ভোগা নাই। কেপ টাউন বিশ্ববিদ্যালয়ৰ চিকিৎসা বিশেষজ্ঞ ৱেণ্ডি বার্গাৰ্ছে জনায় যে দক্ষিণ আফ্রিকাত বৃহৎসংখ্যক লোক অমিক্ৰনত আক্রান্ত হ'লেও হাস্পতালত চিকিৎসাধীন হোৱাৰ সংখ্যা লক্ষণীয়ভাৱে কম।

কেলিফর্নিয়া বিশ্ববিদ্যালয়ৰ ৰোগ তত্ত্ববিদ মণিকা গান্ধীৰ মতেও ভাইৰাছ মানৱ জাতিৰ লগত সদায় থাকিব যদিও অমিক্ৰনৰ আগমনে কোৰোনা মহামাৰীৰ অন্ত পেলাব বুলি আশা কৰিব পৰা যায়।