অমিক্ৰনৰ পৰা সকাহ পাইছে মহাৰাষ্ট্ৰই…

অমিক্ৰনৰ পৰা সকাহ পাইছে মহাৰাষ্ট্ৰই…

author-image
asomiyapratidin
New Update
অমিক্ৰনৰ পৰা সকাহ পাইছে মহাৰাষ্ট্ৰই…

ডিজিটেল ডেস্কঃ দেশত কোৰোনাৰ নতুন প্ৰকাৰ অমিক্ৰনৰ সংক্ৰমণ বৃদ্ধিক লৈ উদ্বেগ সৃষ্টি হোৱাৰ মাজতে অমিক্ৰনৰ দ্বাৰা সৰ্বাধিক আক্ৰান্তৰ ৰাজ্য মহাৰাষ্ট্ৰলৈ আহিছে ভাল খবৰ। কিয়নো ৰাজ্যখনত যিমান দ্ৰুতগতিত অমিক্ৰনৰ দ্বাৰা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছিল তেনেদৰেই দ্ৰুত গতিত অমিক্ৰন আক্ৰান্তই আৰোগ্য লাভ কৰিছে।

Advertisment

ৰাজ্যখনত মুঠ ৫৪ গৰাকী লোক কোৰোনাত আক্ৰান্ত হৈছিল। ইয়াৰে ৩১ গৰাকী লোকেই আৰোগ্য লাভ কৰিছে। ৫৪ গৰাকীৰ ভিতৰত ৩১ গৰাকীকেই চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে। ইফালে মহাৰাষ্ট্ৰৰ স্বাস্থ্য বিভাগৰ মতে, সোমবাৰৰ দিনটোত ৰাজ্যখনত নাই এটাও অমিক্ৰনৰ কেচ।

উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ মুম্বাই অমিক্ৰনৰ দ্বাৰা আটাইতকৈ বেছি প্ৰভাৱিত হৈছে। মুম্বাইত অমিক্ৰনৰ মুঠ ২২ জন ৰোগী আছিল। স্বাস্থ্য বিভাগৰ মতে, ১ ডিচেম্বৰৰ পৰা মুম্বাইৰ বিমানবন্দৰত ১.৩৬,৪০০ যাত্ৰী বিদেশৰ পৰা আহিছে। ইয়াৰে আকৌ অমিক্ৰনৰ বিপদাশংকা থকা দেশৰ পৰা আহিছে ২০,১০৫ গৰাকী লোক।