/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/omicron-4.jpg)
ডিজিটেল ডেস্কঃ দক্ষিণ আফ্ৰিকাত প্ৰথমে পোৱা কোৰোনাৰ নতুন প্ৰকাৰ অমিক্ৰন এতিয়া বিশ্বৰ ৪৮ দেশলৈ বিয়পি পৰিছে। কোৰোনাৰ এই নতুন প্ৰকাৰৰ দ্বাৰা সংক্ৰমিত হোৱা দুজনকৈ ব্যক্তি ভাৰতত পোৱা গৈছে। এই দুয়োগৰাকী ব্যক্তি আহিছি বিভিন্ন জনৰ সংস্পৰ্শলৈ। সেয়েহে কেন্দ্ৰীয় চৰকাৰে এই বিষয়ত গুৰুত্ব প্ৰদান কৰি অমিক্ৰনৰ সংক্ৰমন হ্ৰাস কৰিবলৈ সাৱধানতা অৱলম্বন কৰিছে।
বিষয়টোক গুৰুত্ব প্ৰদান কৰি কেন্দ্ৰীয় স্বাস্থ্য সচিবে ছয়খন ৰাজ্যলৈ পত্ৰ লিখি অমিক্ৰন প্ৰকাৰৰ ভাবুকিৰ ওপৰত উদ্বেগ প্ৰকাশ কৰিছে। এই ৬ খন ৰাজ্যৰ ভিতৰত আছে কেৰালা, জম্মু আৰু কাশ্মীৰ, তামিলনাডু, কৰ্ণাটক, উৰিষ্যা আৰু মিজোৰাম।
উল্লেখ্য যে, স্বাস্থ্য মন্ত্ৰালয় এই ৰাজ্যসমূহত কৰোনাৰ বৰ্ধিত সমস্যাৰ বিষয়ে চিন্তিত। কেন্দ্ৰই ৰাজ্যসমূহক পৰীক্ষা, ট্ৰেক, চিকিৎসা, টিকাকৰণ আৰু কোভিড এপ্ৰোপাইৰেট আচৰণ নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে। স্বাস্থ্য মন্ত্ৰালয়ে কেৰালাত বৰ্ধিত মৃত্যুৰ হাৰ আৰু বৰ্ধিত ঘটনাৰ ওপৰত উদ্বেগ প্ৰকাশ কৰিছে।
ইফালে জম্মু আৰু কাশ্মীৰৰ চাৰিখন জিলাত কৰোনাৰ নতুন ঘটনা বৃদ্ধি পাইছে। তামিলনাডুৰ তিনিখন জিলা আৰু কৰ্ণাটকৰ চাৰিখন জিলাতো কৰোনা সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পাইছে। উৰিষ্যা আৰু মিজোৰামৰ ক্ষেত্ৰতো একেধৰণৰ ঘটনা। স্বাস্থ্য মন্ত্ৰালয়ে ইয়াতো কিছুমান জিলাত নতুন কৰোনা ৰোগীৰ বৃদ্ধিৰ ওপৰত উদ্বেগ প্ৰকাশ কৰিছে।