/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/omicron-3.jpg)
ডিজিটেল ডেস্কঃ কৰোনাৰ নতুন প্ৰকাৰ অমিক্ৰন ভাৰতত প্ৰৱেশ কৰিছে। ৭ দিন আগতে দক্ষিণ আফ্ৰিকাৰ পৰা জয়পুৰলৈ উভতি অহা একেটা পৰিয়ালৰ ৪ জন লোকৰ দেহত কোৰোনা উপস্থিতি পোৱা গৈছে। এই ৪ জন আক্ৰান্তৰ ভিতৰত আছে স্বামী আৰু পত্নীকে ধৰি তেওঁলোকৰ ৮ আৰু ১৫ বছৰীয়া দুগৰাকী কন্যা সন্তান। এই আটাইকেইজন আক্ৰান্তৰে দেহত কোৰোনাৰ নতুন প্ৰকাৰ অমিক্ৰনৰ উপস্থিতিৰ সন্দেহ কৰা হৈছে।
উদ্বেগজনকভাৱে, ২৫ নৱেম্বৰত দক্ষিণ আফ্ৰিকাৰ পৰা উভতি অহা পৰিয়ালটোৱে জয়পুৰত তেওঁলোকৰ ১২ জন আত্মীয়ক লগ পাইছিল। তেওঁলোকৰ ভিতৰত, ৫ জনৰ দেহত ধৰা পৰিছে কোভিড। এই ৫ জন ব্যক্তিৰ মাজত আছে এটা 16 বছৰীয়া কিশোৰ।
ৰাজস্থান স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ (আৰ ইউ এইচ এছ) অধীক্ষক অজিত সিং শ্বেখাৱতে কৈছে যে সকলোকে অমিক্ৰন সন্দেহজনক হিচাপে সংৰক্ষণ কৰা হৈছে। তেওঁলোকৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। অৱশ্যে আক্ৰান্তসকলৰ মাজত শিশুৰ বাহিৰে সকলোৱে ভেকছিনৰ দুয়োটা পালি গ্ৰহণ কৰিছে।
ইফালে, দক্ষিণ আফ্ৰিকাৰ ৯ জন বিদেশী নাগৰিককে ধৰি ১০ জন লোকে মুম্বাইত কৰোনা পজিটিভ হিচাপে পোৱা গৈছে। তেওঁলোক সকলোৱে ১০ নৱেম্বৰৰ পৰা ২ ডিচেম্বৰৰ ভিতৰত মুম্বাই বিমানবন্দৰত উপস্থিত হৈছিল। মুম্বাই পৌৰ নিগমে কৈছে যে সকলোৰে নমুনা জিনম অনুক্ৰমৰ বাবে প্ৰেৰণ কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/cororna-3.jpg)
ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে কৰ্ণাটকত দেশৰ প্ৰথম দুজন অমিক্ৰন ৰোগীক চিনাক্ত হৈছিল। ইাৰে এজন হৈছে এজন ৬৬ বছৰীয়া বিদেশী নাগৰিক যি অলপতে দক্ষিণ আফ্ৰিকা ভ্ৰমণ কৰিছিল। আনজন হৈছে বেংগালুৰুৰ বোমানহাল্লিৰ এজন ৪৬ বছৰীয়া স্বাস্থ্য কৰ্মী। দুয়োটাৰ নমুনাত ওমাইক্ৰন পোৱা গৈছিল। তেওঁলোকৰ সংস্পৰ্শলৈ অহা এজন চিকিৎসকসহ আন ৬ জনৰ দেহতো কোভিডৰ উপস্থিতি ধৰা পৰিছে বুলি জনা গৈছে। যাৰ নমুনাও জিনম চিকুৱেঞ্চাৰলৈ প্ৰেৰণ কৰা হৈছে।
অন্ধ্ৰ প্ৰদেশ চৰকাৰে বিদেশৰ পৰা উভতি অহা ৬০ জন লোকৰ ভিতৰত ৩০ জনক বিচাৰি আছে। অমিক্ৰন প্ৰকাৰৰ ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি, চৰকাৰে এই লোকসকলৰ আৰ টি পি চি আৰ পৰীক্ষা কৰিব লাগিব। যোৱা ১০ দিনত আফ্ৰিকাৰ ৯ জন লোকসহ প্ৰায় ৬০ জন যাত্ৰী বিশাখাপত্তনমত উপস্থিত হৈছে। ইয়াৰ ভিতৰত ৩০ জন বৰ্তমান বিশাখাপত্তনমত আছে। আনহাতে বাকী ৩০ জন ৰাজ্যৰ বিভিন্ন স্থানলৈ ৰাওনা হৈছে।