সাৱধান! দিল্লীত কোভিডৰ ভয়াৱহ ৰূপ…

সাৱধান! দিল্লীত কোভিডৰ ভয়াৱহ ৰূপ…

author-image
asomiyapratidin
New Update
সাৱধান! দিল্লীত কোভিডৰ ভয়াৱহ ৰূপ…

ডিজিটেল ডেস্কঃ  দেশজুৰি পুনৰ বৃদ্ধি পাইছে ক'ভিডৰ ভয়াৱহ সংক্ৰমন৷ ৰাজধানী নতুন দিল্লীত ইয়াৰ প্ৰভাৱ দেশৰ ভিতৰতেই সৰ্বাধিক ৷  নতুনকৈ  প্ৰতিদিনাই ১০হাজাৰতকৈ অধিক লোক সংক্ৰমিত হোৱাৰ সম্ভাৱনা আছে ৰাজধানীখনত৷ আশংকা কৰা অনুসৰি,  কোভিডৰ প্ৰথম আৰু দ্বিতীয়  ঢৌঁতকৈ  তৃতীয় ঢৌঁৱে দিল্লীত ভয়াৱহ ৰূপ লোৱাৰ সম্ভাৱনা আছে৷ স্বাস্থ্যমন্ত্ৰী সৈতেন্দ্ৰ জৈনে এই তথ্য সদৰি কৰে৷ তেওঁ সদৰি কৰা তথ্য অনুসৰি মতে,  ৰাজধানীখনত পজিটিভিৰ হাৰ ১০ শতাংশলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে৷

Advertisment

শেহতীয়াকৈ প্ৰকাশ কৰা তথ্য অনুসৰি,  মঙলবাৰৰ পজিটিভিৰ হাৰ আছিল ৮.৩ শতাংশ৷ অৰ্থাৎ সোমবাৰৰ ৬.৪৬ শতাংশতকৈ বৃদ্ধি পায়। লগতে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰতত ইতিমধ্যেই তৃতীয় ঢৌঁ আৰম্ভ হৈছে৷ কিন্তু দিল্লীৰ বাবে ই পঞ্চম ঢৌ। কোভিডৰ তৃতীয় ঢৌঁৰ বাবেই ইতিমধ্যেই সাজু হৈছে দিল্লীৰ স্বাস্থ্যবিভাগ৷ ব্যক্তিগত চিকিৎসালয়সমূহত ৪০ শতাংশ বিচনা সংৰক্ষিত কৰি ৰখা হৈছে৷ যাতে ৰাজধানীখনত কোভিড পৰিস্থিতিৰ অৱনতি ঘটিলে স্বাস্থ্য বিভাগ মোকাবিলা কৰিব পাৰে৷ ইতিমধ্যেই দিল্লীত বৃদ্ধি কৰা হৈছে কোভিড টেষ্টৰ সংখ্যা৷ এদিনত প্ৰায় ৯০,০০০ লোকৰ কোভিড টেষ্ট কৰাৰ সম্ভাৱনা আছে ৷

শেহতীয়াকৈ প্ৰকাশ পোৱা তথ্য অনুসৰি, বিগত ২৪ ঘন্টাত কোৰনাত আক্ৰান্ত হৈছিল ৫,৪৮১জন লোক আৰু মৃত্যুৰ মুখত পৰিছিল ৩জনকৈ লোক৷ ৰাজধানী চহৰখনত ইতিমধ্যেই জাৰি কৰা হৈছে সপ্তাহিক সান্ধ্য আইন৷ চৰকাৰী কাম কাজ ঘৰৰ পৰাই কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে প্ৰশাসনে৷ তাৰ উপৰিও ব্যক্তিগত কোম্পানীৰ কাৰ্যালয়ত ৫০শতাংশ কৰ্মচাৰীহে উপস্থিত থাকিব পাৰিব৷