বাঢ়িছে কোভিড সংক্ৰমণঃ সাজু হৈছে ৬৫ হাজাৰ বিচনা….

বাঢ়িছে কোভিড সংক্ৰমণঃ সাজু হৈছে ৬৫ হাজাৰ বিচনা….

author-image
asomiyapratidin
New Update
বাঢ়িছে কোভিড সংক্ৰমণঃ সাজু হৈছে ৬৫ হাজাৰ বিচনা….

ডিজিটেল ডেস্কঃ পুনৰ বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা। দেশৰ ৰাজধানী নতুন দিল্লীত বিগত ২৪ ঘণ্টাত ৩৬৬ জন লোক নতুনকৈ কোভিডত আক্ৰান্ত হৈছে। বৃহস্পতিবাৰে ৰাজধানী দিল্লীত কোভিড আক্ৰান্তৰ হাৰ আছিল ২.৪৯ শতাংশ। কিন্তু শুকুৰবাৰে এই সংখ্যা ৩.৯৫ শতাংশলৈ বৃদ্ধি পাইছে। ইয়াৰ পৰাই অনুমান কৰিব পাৰি দিল্লীত কিদৰে বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা।

Advertisment

উল্লেখ্য যে ৰাজধানী দিল্লীত কোভিডৰ সক্ৰিয় ঘটনাই ১০০০ ৰ সীমা অতিক্ৰম কৰিছে। দিল্লীত এইদৰে কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ ঘটনা সমগ্ৰ দেশৰ বাবেই চিন্তাৰ কাৰণ হৈ পৰিছেয কিয়নো দিল্লীৰ সৈতে দেশৰ সকলো প্ৰান্তৰ লোকৰে আছে প্ৰত্যক্ষ সম্পৰ্ক। অৱশ্যে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে জনসাধাৰণক আশ্বাস দিছে যে বৰ্তমানেও পৰিস্থিতি নিয়ন্ত্ৰণত আছে।

অৰবিন্দ কেজৰিৱালে কৈছে যে, কোভিডৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজধানী দিল্লীত ৬৫,০০০ বিচনা প্ৰস্তুত কৰা হৈছে। তেওঁ কয়, চৰকাৰে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু কোভিড আক্ৰান্তৰ সকলৰ বেছিভাগৰ ক্ষেত্ৰতে চিকিৎসালয়ত ভৰ্তি হোৱাৰ কোনো প্ৰয়োজন নাই। মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে যে চিকিৎসালয়ত ৰোগীক ভৰ্তি কৰাৰ গতি বৃদ্ধি হোৱা নাই, এনে পৰিস্থিতিত আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই।

ৰাজধানী দিল্লীত পুনৰ কোভিড আক্ৰান্তৰ সংখ্যা এইদৰে বৃদ্ধি পোৱাৰ ফলত পুনৰ কিছু কিছু ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে। দিল্লী চৰকাৰে জাৰি কৰা এক চৰকাৰী বিবৃতিত কোৱা হৈছে যে, যদি কোভিড সংক্ৰমণ অঝিক বিয়পে, চৰকাৰে দুসপ্তাহৰ ভিতৰত দিল্লীৰ প্ৰতিটো ৱাৰ্ডত ১০০ খন অক্সিজেন বিচনা বৃদ্ধি কৰিব। ইয়াৰ বাবে প্ৰস্তুতি চলাইছে। কোনো ব্যক্তিয়েই যাতে জৰুৰীকালীন অৱস্থাত বিচনাৰ অভাৱৰ সন্মুখীন হ'ব নালাগে তাৰ বাবে ৬৫ হাজাৰ বিচনা সাজু কৰাৰ পৰিকল্পনা কৰিছে। বৰ্তমান, দিল্লীত ৩৭ হাজাৰ কোভিড বিচনা আৰু ১০,৫৯৪ কোভিড আইচিইউ বিচনা উপলব্ধ।

ক্লিক কৰি পঢ়কঃ বিধ্বস্ত পথঃ বিহুৰ মাজতে ঢকুৱাখনাৰ কলি গাঁওত জ্বলিল নৱ দলে – হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি…