মধ্যপ্ৰদেশত শেষ হ’ল কোভিড ! প্ৰত্যাহাৰ কৰা হ’ল সকলো কোভিড প্ৰ’টকল…

মধ্যপ্ৰদেশত শেষ হ’ল কোভিড ! প্ৰত্যাহাৰ কৰা হ’ল সকলো কোভিড প্ৰ’টকল…

author-image
asomiyapratidin
New Update
মধ্যপ্ৰদেশত শেষ হ’ল কোভিড ! প্ৰত্যাহাৰ কৰা হ’ল সকলো কোভিড প্ৰ’টকল…

ডিজিটেল ডেস্কঃ দেশত ক্ৰমান্বয়ে হ্ৰাস পাইছে কোৰোনাৰ সংক্ৰমণ। অৱশ্যে এতিয়াও দূৰ হোৱা নাই কোৰোনাৰ ভয়াবহতা। দেশৰ সকলো প্ৰান্ততে বাহল আছে কোৰোনাৰ বিভিন্ন প্ৰ'টকল। ইয়াৰ মাজতে দেশৰ এখন ৰাজ্যই বাহাল হৈ থকা সকলৰো কোভিড প্ৰ'টকল আতৰাবলৈ প্ৰস্তুতি চলাইছে। কোৰোনাৰ ভয়াবহতাক নস্যাত কৰি মধ্যপ্ৰদেশে প্ৰত্যাহৰ কৰিব সকলো কোভিড বিধি।

Advertisment

মধ্যপ্ৰদেশ চৰকাৰে ৰাজ্যখনত কোৰোনা মহামাৰী সম্পৰ্কীয় সকলো নিষেধাজ্ঞা সম্পূৰ্ণৰূপে উঠাই লোৱাৰ সিদ্ধান্ত লৈছে। নতুন নিয়মবোৰ বুধবাৰে নিশা ১২ বজাৰ পৰা কাৰ্যকৰী হ'ব। মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে ৰাজ্যখনৰ কোৰোনাৰ পৰিস্থিতি নিয়ন্ত্ৰণত আছে। ৰাজ্যখনত এতিয়া মাত্ৰ ৭৮ গৰাকী সক্ৰিয় ৰোগী আছে। সেয়েহে, আমি ৰাজ্যখনত আৰোপ কৰা সকলো কোৰোনা নিষেধাজ্ঞা উঠাই লোৱাৰ সিদ্ধান্ত লৈছো।

তেওঁ লগতে কয় যে সকলো সামাজিক, ৰাজনৈতিক, ক্ৰীড়া, মনোৰঞ্জন, সাংস্কৃতিক আৰু ধৰ্মীয় সমাৱেশ সম্পূৰ্ণ ক্ষমতাৰে মুকলি কৰাৰ অনুমতি দিয়া হ'ব। ৰাজ্যখনত মেলা, অনুষ্ঠান, বিবাহ আৰু অন্ত্যেষ্টিক্ৰিয়া এতিয়া কোনো প্ৰতিবন্ধকতা অবিহনে অনুষ্ঠিত কৰা হ'ব। আজি (বুধবাৰ) ৰাতিৰ পৰা নিশাৰ কাৰফিউও উঠাই লোৱা হ'ব। চিনেমা হল, মল, চুইমিং পুল, জিম, যোগ কেন্দ্ৰ, ৰেষ্টুৰেণ্ট, ক্লাব, বিদ্যালয়, মহাবিদ্যালয়, হোষ্টেল, প্ৰশিক্ষণ শ্ৰেণী ১০০% ক্ষমতাৰে খুলিব পাৰি।

মুখ্যমন্ত্ৰীগৰাকীয়ে অৱশ্যে কৈছে যে, ৰাজ্যখনত মাস্ক আৰু সামাজিক দুৰত্ব বাধ্যতামূলক হ'ব। ১৮ বছৰৰ উৰ্ধ্বৰ সকলো শিক্ষাৰ্থী তথা ব্যক্তিয়ে সম্পূৰ্ণ টিকাকৰণ কৰিব লাগিব।