/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/06/COVID-19-Vaccine-.png)
ডিজিটেল ডেস্কঃ দেশৰ ৭৫ শতাংশতকৈও অধিক লোকক সম্পূৰ্ণকৈ কোভিড ভেকচিন প্ৰদান কৰা হৈছে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইয়াৰ বাবে দেশবাসীক অভিনন্দন জ্ঞাপন কৰিছে। মোডীয়ে কয় যে, "সকলো প্ৰাপ্তবয়স্কক ৭৫% সম্পূৰ্ণৰূপে টিকাকৰণ কৰা হৈছে। এই গুৰুত্বপূৰ্ণ সাফল্যৰ বাবে দেশবাসীক অভিনন্দন জনাইছো। যিসকলে আমাৰ টিকাকৰণ অভিযানসফল কৰি তুলিছে তেওঁলোকৰ বাবে গৌৰৱান্বিত।"
একে সময়তে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডব্যই এই সাফল্যৰ ওপৰত টুইট কৰি কয় যে, "সবকা সাথ, সবকা প্ৰয়াস' মন্ত্ৰৰ দ্বাৰা ভাৰতে প্ৰাপ্তবয়স্ক জনসংখ্যাৰ ৭৫ শতাংশ লোকক ভেকছিনৰ দুয়োটা পালি প্ৰদান কৰাৰ লক্ষ্য প্ৰাপ্ত কৰিছে। কৰোনাৰ বিৰুদ্ধে যুঁজত, আমি নিৰন্তৰ শক্তিশালী হৈ আছোঁ। আমি সকলো নিয়ম অনুসৰণ কৰি থাকিব লাগিব আৰু যিমান সম্ভৱ সোনকালে টিকাকৰণ কৰিব লাগিব। "
স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশত ৬২,২২,৬৮২ জন লোকক টিকাকৰণ কৰা হৈছে। যাৰ পিছত টিকাকৰণ কৰা লোকৰ মুঠ সংখ্যা ১৬৫ কোটিতকৈও অধিক হৈছে। ইয়াৰ পূৰ্বে ২০২১ চনৰ অক্টোবৰ মাহত ভাৰতত মুঠ টিকাকৰণৰ সংখ্যা আছিল ১০০ কোটি।
শনিবাৰে দেশত ২.৩৪ লাখ নতুন কৰোনা সংক্ৰমণ ধৰা পৰিছিল। আনহাতে ৮৯৩ জন লোকৰ মৃত্যু হৈছিল। ভাল কথাটো হ'ল যে এই সময়ছোৱাত ৩.৫১ লাখ লোক সুস্থ হৈ উঠিছে।