দেশত কোৰোনাৰ দ্বিতীয় ঢৌঃ আক্ৰান্ত অধিক সংখ্যকেই হৈছে নৱজাতক,শিশু-কিশোৰ, যুৱক-যুৱতী…

দেশত কোৰোনাৰ দ্বিতীয় ঢৌঃ আক্ৰান্ত অধিক সংখ্যকেই হৈছে নৱজাতক,শিশু-কিশোৰ, যুৱক-যুৱতী…

author-image
asomiyapratidin
New Update
দেশত কোৰোনাৰ দ্বিতীয় ঢৌঃ আক্ৰান্ত অধিক সংখ্যকেই হৈছে নৱজাতক,শিশু-কিশোৰ, যুৱক-যুৱতী…

ডিজিটেল ডেস্কঃ দেশত কোৰোনাৰ দ্বিতীয় ঢৌ আৰম্ভ হৈছে। মহামাৰী কোৰোনাৰ দ্ৰুত সংক্ৰমণে পুনৰ দেশবাসীক শংকিত কৰি তুলিছে। লক্ষনীয় যে, কোৰোনাৰ দ্বিতীয় ঢৌত নৱজাতক, শিশু, কিশোৰ আৰু যুৱক-যুৱতীৰ আক্ৰান্তৰ হাৰ সৰ্বাধিক।

Advertisment

দেশৰ বিভিন্ন ৰাজ্যত বিশেষকৈ মহাৰাষ্ট্ৰ, দিল্লী, ছট্টিশগড়, কৰ্ণাটক, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশত নৱজাতকৰ পৰা যুৱক-যুৱতীলৈকে কোৰোনাত আক্ৰান্তৰ হাৰ সৰ্বাধিক। তথ্য অনুসৰি, মহাৰাষ্ট্ৰত ০-৫ বছৰ বয়সৰ প্ৰায় ১০ হাজাৰ আৰু ৬-১০ বছৰ বয়সৰ প্ৰায় ১৫ হাজাৰ শিশু কোৰোনাত আক্ৰান্ত হৈছে।কৰ্ণাটকত ০-৫ বছৰ বয়সৰ প্ৰায় ৯০০ আৰু ৬-১০ বছৰ বয়সৰ প্ৰায় ১২০০ত কৈয়ো অধিক শিশু কোৰোনাত আক্ৰান্ত হৈছে।

ছট্টিশগড়ত ০-৫ বছৰ বয়সৰ প্ৰায় ৯০০ আৰু ৬-১০ বছৰ বয়সৰ প্ৰায় ১৫ হাজাৰ শিশু কোৰোনাত আক্ৰান্ত হৈছে। সমান্তৰালভাৱে দিল্লীত ০-৫ বছৰ বয়সৰ প্ৰায় ৪৫০ আৰু ৬-১০ বছৰ বয়সৰ প্ৰায় ৭০০ গৰাকী শিশু কোৰোনাত আক্ৰান্ত হৈছে।ইয়াৰ উপৰি উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশকে আদি কৰি আন ভালেই কেইখন ৰাজ্যত নৱজাতক, শিশু, কিশোৰৰ লগতে যুৱক-যুৱতী কোৰোনাত আক্ৰান্ত হোৱা পৰিলক্ষিত হয়।