/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/01/mamta-3.jpg)
ডিজিটেল ডেস্কঃ নৱবৰ্ষৰ আনন্দ, উল্লাসৰ মাজতে বৰ্ধিত কোৰোনা প্ৰতিৰোধ কৰিবলৈ ঘোষণা কৰা হ'ল আংশিক লকডাউন। পশ্চিমবংগত কোৰোনাই সৃষ্টি কৰা জটিল পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰখনে আংশিক লকডাউন ঘোষণা কৰাৰ দৰে পৰিৱেশ সৃষ্টি হৈছে। ৰাজ্য চৰকাৰখনে ৰাজ্যত বহু ক্ষেত্ৰত জাৰি কৰিছে নিষেধাজ্ঞা। ৰাজ্য চৰকাৰখনৰ মুখ্য সচিব এইচ কে দ্বিবেদীয়ে এক সংবাদ মেলৰ জৰিয়তে ৰাজ্যখনত কোনবোৰ বিষয়ত নিষেধাজ্ঞা থাকিব সেই বিষয়ে অৱগত কৰাৰ লগতে এক নিৰ্দেশনাও জাৰি কৰিছে।
সেই অনুসৰি ৩ জানুৱাৰীৰ পৰা ১৫ জানুৱাৰীলৈ ৰাজ্যখনত ৰিস্ক ফ্ৰী শাখাত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাজ্যখনলৈ আগমণ ঘটা লোকসকলৰ বাবে ৰেপিড এণ্টিজেন টেষ্ট বাধ্যতামূলক হ'ব। একদৰে ৫ জানুৱাৰীৰ পৰা বাণিজ্য়িক নগৰী মুম্বাই আৰু ৰাজধানী নতুন দিল্লীৰ পৰা সপ্তাহত কেৱল ২ বাৰ সোমবাৰ আৰু শুকুৰবাৰে বিমান ৰাজ্যখনলৈ অহাৰ অনুমতি প্ৰদান কৰা হৈছে। বৃটেইনৰ পৰা অহা কোনো বিমান বংগত প্ৰৱেশ কৰিব নোৱাৰিব। মন কৰিবলগীয়া যে দেশত যিসমূহ ৰাজ্য অমিক্ৰনত প্ৰভাৱিত হৈছে সেই তালিকাৰ শীৰ্ষত আছে মহাৰাষ্ট্ৰ আৰু দিল্লী।
ইয়াৰ উপৰিও জাৰি কৰা নিৰ্দেশনা অনুসৰি নিৰ্ধাৰিত ৩ জানুৱাৰীৰ পৰা ১৫ জানুৱাৰীলৈ ৰাজ্যখনৰ সকলো স্কুল-কলেজকে ধৰি অন্যান্য শিক্ষানুষ্ঠানত পাঠদান সম্পূৰ্ণৰূপে বন্ধ থাকিব। কেৱল শিক্ষানুষ্ঠানৰ প্ৰশাসনিক কাম-কাজৰ বাবে ৫০ শতাংশ কৰ্মচাৰী উপস্থিত থাকিব পাৰিব।
ৰাজ্য চৰকাৰখনৰ অন্যতম কৰ্মসূচী দ্বাৰে চৰকাৰৰ সৈতে জড়িত সকলো কাৰ্যসূচী ৩১ জানুৱাৰী পৰ্যন্ত স্থগিত ৰখা হৈছে। এই কাৰ্যসূচী পুনৰ ১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব। আনহাতে ৰাজ্যখনৰ সকলো প্ৰান্তপ ছুইমিং পুল, স্পা, জিম, বিউটি পাৰ্লাৰ, ৱেলনেছ চেণ্টাৰ আদি সম্পূৰ্ণ ৰূপে বন্ধ কৰা হৈছে।
নতুন বছৰৰ আনন্দৰ মাজতে জানুৱাৰী মাহৰ প্ৰথমটো সপ্তাহতেই হওক বা বন্ধৰ দিনত সাধাৰণ জনতাই কিছু ভাল সময় অতিবাহিত কৰিবলৈ বিভিন্ন পাৰ্ক অথবা পৰ্যটনস্থলীলৈ যোৱাটো নতুন কথা নহয়। কিন্তু এইবাৰ বংগৰ জনতাই এই আনন্দ উপভোগ কৰিব নোৱাৰিব। কিয়নো জাৰি কৰা নিৰ্দেশনাত বংগৰ সকলো পাৰ্ক, পৰ্যটনস্থলী আদি বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে।
বিয়া বা অন্যান্য অনুষ্ঠানত ৫০ জনতকৈ অধিক লোক উপস্থিত থাকিব নোৱাৰিব। কোনো ব্যক্তিৰ মৃত্যু হ'লে শেষকৃত্যৰ অনুষ্ঠানত সৰ্বাধিক ২০ জন লোকহে উপস্থিত থাকিব পাৰিব। ৰাজ্যখনত নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ বাহাল থাকিব কাৰ্ফিউ। এই সময়ছোৱাত কেৱল জৰুৰীকালীন সেৱাহে বাহাল থাকিব।
লোকেল ট্ৰেইন চলাচলৰ ক্ষেত্ৰত সন্ধিয়া ৭ বজালৈ অনুমতি থাকিব। ট্ৰেইসমূহত মাত্ৰ ৫০ শতাংশহে যাত্ৰী থাকিব পাৰিব। শ্বপিং মল আৰু ব্যৱসায়িক প্ৰতিষ্ঠান সমূহত ৫০ শতাংশ লোক উপস্থিত থাকিব পাৰিব। ১০ বজাৰ পূৰ্বেই বন্ধ কৰিব লাগিব।
চৰকাৰী আৰু ব্যক্তিগত সকলো কাৰ্যালয় ৫০ শতংশ কৰ্মচাৰী উপস্থিত থাকিব পাৰিব। একেদৰে চিনেমা হ'ল বোৰত দৰ্শকৰ সংখ্যা হ'ব লাগিব ৫০ শতাংশ। সভাৰ ক্ষেত্ৰত কেৱল ২০০ জন লোকহে উপস্থিত থাকিব পাৰিব। ৰেষ্টুৰেণ্ট আদি ৫০ শতাংশ লোকৰ উপস্থিতিত ১০ বজালৈকে খুলিব পাৰিব। অৱশ্যে হোম ডেলিভাৰী পূৰ্ব নিৰ্ধাৰিত সময়লৈকে বাহাল থাকিব।