কেন্দ্ৰীয় চৰকাৰে গুজৰাট, কৰ্ণাটক, উত্তৰ প্ৰদেশৰ তুলনাত কমকৈ ভেকচিন দিছে পশ্চিমবংগকঃ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ মোডীলৈ বিশেষ আহ্বান

কেন্দ্ৰীয় চৰকাৰে গুজৰাট, কৰ্ণাটক, উত্তৰ প্ৰদেশৰ তুলনাত কমকৈ ভেকচিন দিছে পশ্চিমবংগকঃ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ মোডীলৈ বিশেষ আহ্বান

author-image
asomiyapratidin
New Update
কেন্দ্ৰীয় চৰকাৰে গুজৰাট, কৰ্ণাটক, উত্তৰ প্ৰদেশৰ তুলনাত কমকৈ ভেকচিন দিছে পশ্চিমবংগকঃ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ মোডীলৈ বিশেষ আহ্বান

ডিজিটেল ডেস্কঃ পুনৰবাৰ কেন্দ্ৰীয় চৰকাৰৰ কোৰোনা ভেকচিন প্ৰদান পলিচিক লৈ প্ৰশ্ন উত্থাপন কৰিলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। তেওঁ কেন্দ্ৰীয় বিজেপি চৰকাৰে ৰাজ্যখনলৈ জোখতকৈ কম ভেকচিন প্ৰদান কৰিছে বুলি অভিযোগ কৰিছে। তেওঁ কৈছে গুজৰাট, উত্তৰ প্ৰদেশ আৰু কৰ্ণাটকক বংগৰ তুলনাত অধিক ভেকচিন প্ৰদান কৰা হৈছে।কেন্দ্ৰীয় বিজেপি চৰকাৰক তেওঁ এই ভেদভাৱ ত্যাগ কৰিবলৈ আহ্বান জনাইছে।

Advertisment

ইয়াৰ পূৰ্বে বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ভেকচিনৰ বিষয়কলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল। তেওঁ বংগৰ কোভিড পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখি কৈছিল যে যদি কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰে ৰাজ্যখনলৈ ভেকচিন যোগানৰ পৰিমাণ বৃদ্ধি নকৰে তেনেহ'লে ৰাজ্যখনৰ অৱস্থা গম্ভীৰ হৈ পৰিব। বংগৰ প্ৰতিজন ব্যক্তিক ভেকচিন প্ৰদান কৰিবলৈ প্ৰয়োজন ১৪ কোটি ভেকচিন।

উল্লেখ্য যে পশ্চিমবংগ চৰকাৰে প্ৰততিদিনে ১১ লাখ ব্যক্তিক ভেকচিন প্ৰদানৰ কৰিব পাৰে যদিও ভেকচিনৰ অভাৱত প্ৰতিদনে ৪ লাখ ব্যক্তিক হে ভেকচিন প্ৰদান কৰিছে। ইয়াৰ কাৰণ ভেকচিন যোগানৰ পৰিমাণ কম। সেইবাবেই মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই বিষয়ে মুকলি মন্তব্য কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহৰ মাজত ভেদভাব সৃষ্টি কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে।