/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/corona-29.jpg)
ডিজিটেল ডেস্কঃ দেশত কোৰোনাৰ সংক্ৰমণ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। সমান্তৰালকৈ বৃদ্ধি পাইছে কোৰোনাৰ নতুন প্ৰকাৰ অমিক্ৰনৰ সংক্ৰমনো। ইয়াৰ মাজতে ভাল খবৰ আছিল ভাৰত চৰকাৰে নতুনকৈ আন দুটা কোভিড ভেকচিন আৰু ঔষধ ব্যৱহাৰৰ বাবে অনুমতি প্ৰদান কৰিছিল। কিন্তু তাৰ মাজতে আহিছে আন এক উদ্বেগজনক খবৰ।
ভেকচিন গ্ৰহণ কৰাৰ পিছতো এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰায় অৰ্ধশতাধিক শিক্ষাৰ্থী আক্ৰান্ত হ'ল কোৰোনাত। এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰত। ৰাজ্যখনৰ চাংলি জিলাৰ মিৰাজৰ চিকিৎসা মহাবিদ্যালয়ত ভেকচিন গ্ৰহণ কৰাৰ পিছতো ৪৯ গৰাকী ছাত্ৰী আৰু ২ জন কৰ্মচাৰী কোৰোনাত সংক্ৰমিত হৈছে।
এই প্ৰসংগত চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ ফালৰ পৰা কোৱা হৈছে যে, মহাবিদ্যালয়খনৰ ৪৯ গৰাকী ছাত্ৰী আৰু ২ জন কৰ্মচাৰী কোৰোনাত সংক্ৰমিত হৈছে। তেওঁলোক সকলোৱে দুয়োপালি কোভিড ভেকচিন গ্ৰহণ কৰিছিল। কোভিড পজিটিভ হিচাপে চিনাক্ত হোৱাৰ পিছতে তেওঁলোকক ভৰ্তি কৰোৱা হৈছে চিকিৎসা মহাবিদ্যালয়খনতে থকা কোভিড ৱাৰ্ডত।
উল্লেখ্য, আক্ৰান্ত অধিকাংশ মেডিকেলৰ ছাত্ৰীৰেই দেহত নাছিল কোভিডৰ কোনো লক্ষণ। সংক্ৰমিত ছাত্ৰীসকলৰ অধিকাংশই থাকে চিকিৎসা মহাবিদ্যালয়খনৰ হোষ্টেলত। ধাৰণা কৰা হৈছে, হোষ্টেলত খোৱাৰ সময়ত সকলো একে ঠাইতে লগ হোৱাৰ বাবেই এইদৰেই বৃহৎ সংখ্যক ছাত্ৰীৰ দেহলৈ বিয়পি পৰিল কোৰোনা।