এতিয়াৰে পৰা ভেকচিনৰ এটা ড’জ ল’লেই সুৰক্ষিত হ’ব কোৰোনাৰ পৰা …

এতিয়াৰে পৰা ভেকচিনৰ এটা ড’জ ল’লেই সুৰক্ষিত হ’ব কোৰোনাৰ পৰা …

author-image
asomiyapratidin
New Update
এতিয়াৰে পৰা ভেকচিনৰ এটা ড’জ ল’লেই সুৰক্ষিত হ’ব কোৰোনাৰ পৰা …

ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা কোৰোনাৰ ভেকচিনৰ দুটা পালি লোৱাৰ প্ৰয়োজন নহ'ব। ভেকচিনৰ এটা পালি লৈয়েই কোৰোনাৰ সৈতে যুঁজিব পাৰিব সকলোৱে। অৱশ্যে তাৰ বাবে ভাৰতত নতুনকৈ অনুমোদন জনোৱা 'জনছন এণ্ড জনছন'ৰ ভেকচিন গ্ৰহণ কৰিব লাগিব।

Advertisment

ভাৰত চৰকাৰে মাৰ্কিন ঔষধ নিৰ্মাণকাৰী প্ৰতিষ্ঠান 'জনছন এণ্ড জনছন'ৰ ছিংগল ড'জ কোভিড প্ৰতিষেধক ব্যৱহাৰৰ বাবে অনুমোদন জনাইছে। এই ভেকচিন গ্ৰহণ কৰিলে ব্যক্তিয়ে মাত্ৰ এটা ড'জ ললেই কোৰোনাৰ সৈতে যুঁজিবলৈ সক্ষম হ'ব।

শনিবাৰে এই বিষয়ে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্যই টুইট কৰি এই বিষয়ে উল্লেখ কৰিছে। তেওঁ কৈছে ভাৰতত 'জনছন এণ্ড জনছন'ৰ ছিংগল ড'জ কোভিড ভেকচিন দেশত জৰুৰী ব্যৱহাৰৰ বাবে অনুমোদন দিয়া হৈছে।

উল্লেখ্য যে জনছন এণ্ড জনছনৰ ছিংগল ড'জ ভেকচিন প্ৰদানৰ অনুমতি প্ৰদান কৰাৰ লগে লগে দেশত অনুমোদিত কোভিড ভেকচিনৰ সংখ্যা ৫ টা হ'ল। জনছন এণ্ড জনছনৰ ছিংগল ড'জ ভেকচিনৰ বাহিৰে আন সকলোবোৰ ভেকচিন ডাৱল ড'জৰ।