কোৰোনাত আক্ৰান্তক সহায় কৰিব উদ্যোগপতি মুকেশ আম্বানিয়েঃ যোগান ধৰিব ১০০ টন অক্সিজেন

কোৰোনাত আক্ৰান্তক সহায় কৰিব উদ্যোগপতি মুকেশ আম্বানিয়েঃ যোগান ধৰিব ১০০ টন অক্সিজেন

author-image
asomiyapratidin
New Update
কোৰোনাত আক্ৰান্তক সহায় কৰিব উদ্যোগপতি মুকেশ আম্বানিয়েঃ যোগান ধৰিব ১০০ টন অক্সিজেন

ডিজিটেল ডেস্কঃ দেশত দ্ৰুত হৈ পৰিছে মহামাৰী কোৰোনাৰ সংক্ৰমণ। পুনৰ দেশবাসী সংকটৰ গৰাহত। এনে সময়তে দেশৰ উদ্যোগপতি মুকেশ আম্বানি আগবাঢ়ি আহিছে কোৰানত আক্ৰান্ত সকলক সহায় কৰিবলৈ।

মহাৰাষ্ট্ৰৰ কোৰোনাৰ কবলত পৰা অঞ্চল সমূহৰ বাসিন্দাসকলৰ বাবে আম্বানিয়ে যোগান ধৰিব অক্সিজেন। গুজৰাটৰ জামনগৰ শোধনাগাৰৰ পৰা যোগান ধৰিব অক্সিজেনৰ চিলিণ্ডাৰ।বাণিজ্যিক কাত ব্যৱহাৰ কৰা অক্সিজেনৰ চিলিণ্ডাৰ সলনি কৰি কোৰোনাত আক্ৰান্ত সকলৰ বাবে যোগান ধৰিব আম্বানিয়ে।

আম্বানিয়ে জনোৱা অনুসৰি, জামনগৰৰ শোধনাগাৰৰ পৰা প্ৰায় ১০০ টন অক্সিজেন মহাৰাষ্ট্ৰৰ পৰিস্থিতি জটিল হৈ পৰা অঞ্চসমূহলা প্ৰেৰণ কৰিব এই অক্সিজেন।উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই প্ৰধানমন্ত্ৰী মোডীলৈ সাহায্য় বিচাৰি এখন আবেদন প্ৰেৰণ কৰিছিল। ইয়াৰ পিছতে ৰাজ্যখনলৈ অক্সিজেন যোগান ধৰি সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহে উদ্যোগপতি মুকেশ আম্বানি।