দেশত অমিক্ৰণৰ দ্বাৰা আক্ৰান্তৰ সংখ্যা ৪১ লৈ বৃদ্ধিঃ বৃটেইনত প্ৰথমটো মৃত্যুৰ ঘটনা…

দেশত অমিক্ৰণৰ দ্বাৰা আক্ৰান্তৰ সংখ্যা ৪১ লৈ বৃদ্ধিঃ বৃটেইনত প্ৰথমটো মৃত্যুৰ ঘটনা…

author-image
asomiyapratidin
New Update
দেশত অমিক্ৰণৰ দ্বাৰা আক্ৰান্তৰ সংখ্যা ৪১ লৈ বৃদ্ধিঃ বৃটেইনত প্ৰথমটো মৃত্যুৰ ঘটনা…

ডিজিটেল ডেস্কঃ সোমবাৰে ভাৰতত নতুনকৈ পুনৰ ৩ জন ব্যক্তি কোৰোনাৰ নতুন প্ৰকাৰ অমিক্ৰণত আক্ৰান্ত হ'ল। এই ৩ জন আক্ৰান্তৰ ভিতৰত মহাৰাষ্ট্ৰৰ লাতুৰত এজন, পুনেত এজন আৰু গুজৰাটৰ চুৰাটত এজন ব্যক্তি আছিল। ইয়াৰ লগে লগে দেশত অমিক্ৰণত আক্ৰান্তৰ সংখ্যা ৪১ জনলৈ বৃদ্ধি পালে।

Advertisment

বৰ্তমানলৈকে ভাৰতৰ মহাৰাষ্ট্ৰত সৰ্বাধিক ২০ জনৰ দেহত ধৰা পৰিছে অমিক্ৰণ। আনহাতে ৰাজস্থানত ৯ জন, গুজৰাটত ৪ জন, কৰ্ণাটকত ৩ জন, দিল্লীত ২ জন, কেৰালা, অন্ধ্ৰপ্ৰেদশ, দিল্লী আৰু চণ্ডিগড়ত এজনকৈ লোকৰ দেহত ধৰা পৰিছে অমিক্ৰণ।

ইফালে, বৃটেইনত অমিক্ৰণত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হৈছে। এই লোকজনেই অমিক্ৰণ প্ৰকাৰৰ দ্বাৰা সংক্ৰমিত হৈ মৃত্যু বৰণ কৰা প্ৰথমগৰাকী ব্যক্তি। সোমবাৰে ইউ কেৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে এই কথা নিশ্চিত কৰিছিল।