অক্টোবৰৰ ভিতৰত ভাৰতে ৫ টা নতুন কোভিড ভেকচিন লাভ কৰিবঃ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী

অক্টোবৰৰ ভিতৰত ভাৰতে ৫ টা নতুন কোভিড ভেকচিন লাভ কৰিবঃ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী

author-image
asomiyapratidin
New Update
অক্টোবৰৰ ভিতৰত ভাৰতে ৫ টা নতুন কোভিড ভেকচিন লাভ কৰিবঃ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী

ডিজিটেল ডেস্কঃ ভাৰতে অক্টোবৰৰ ভিতৰত ৫ টা নতুন কোভিড ভেকচিন লাভ কৰা সম্ভাৱনা ব্যক্ত কৰিছে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে। ভেকচিন কেইটা বৰ্তমান সুকীয়া সুকীয়া পৰ্যায়ত পৰীক্ষা চলি আছে।

Advertisment

দেওবাৰে সংবাদ মাধ্যমৰ আগত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে জনোৱা মতে, অহা দহ দিনৰ ভিতৰত ৰাচিয়াৰ নতুন কোভিড ভেকচিন স্পটনিক-ভিৰ জৰুৰী ব্যৱহাৰৰ বাবে আবেদন জনাইছে। মন্ত্ৰী গৰাকীয়ে জনোৱা অনুসৰি অহা এসপ্তাহ বা দহ দিনৰ ভিতৰত এই ভেকচিন ব্যৱহাৰৰ অনুমতিও দিয়া হ'ব।

প্ৰাপ্ত তথ্য অনুসৰি, বৰ্তমান ভাৰতত ৬ টা কোভিড ভেকচিনৰ মানৱ দেহত পৰীক্ষা চলি আছে। লগতে আন ১৪ টা ভেকচিনৰ প্ৰাৰম্ভিক পৰীক্ষাও চলি আছে। ইয়াৰ উপৰি ভাৰতত এবছৰৰ ভিতৰত নতুন দুটা ভেকচিন প্ৰস্তুতৰ কামো চলিব বুলি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে মতামত ব্যক্ত কৰে।