এফালে কোৰোনাৰ দ্ৰুত সংক্ৰমণ, আনফালে পশ্চিম বংগৰ বজাৰত ভিৰ..

এফালে কোৰোনাৰ দ্ৰুত সংক্ৰমণ, আনফালে পশ্চিম বংগৰ বজাৰত ভিৰ..

author-image
asomiyapratidin
New Update
এফালে কোৰোনাৰ দ্ৰুত সংক্ৰমণ, আনফালে পশ্চিম বংগৰ বজাৰত ভিৰ..

ডিজিটেল ডেস্কঃ দেশত ভয়াবহৰূপ ধাৰণ কৰিছে মহামাৰী কোৰোনাই। মহামাৰী কোৰোনাৰ এই বিভীষিকাৰ সময়চোৱাতো যেন এতিয়াও সচেতন নহয় একাংশ জনতা।বুধবাৰে ৰাতিপুৱাই এক ভয়াবহ দৃশ্য দেখা গ'ল পশ্চিম বংগৰ উত্তৰ ২৪ পৰগণশ জিলাৰ পানপুৰৰ ভালেইকেইখন পাচলি আৰু মাছৰ বজাৰত।

একাংশ অচেতন জনতাৰ বাবে চৰকাৰে পালন কৰিবলৈ নিৰ্দেশনা ধোৱা চাঙত উঠিল। বজাৰত অধিকাংশ ব্যৱসায়ী আৰু গ্ৰাহকে পৰিধান কৰা নাই মাস্ক। নাই কোনো সামাজিক তথা শাৰিৰীক দূৰত্ব। জানিব পৰা মতে, পশ্চিম বংগৰ উত্তৰ ২৪ পৰগণশ জিলাত বিগত ২৪ ঘন্টাত ৫৭ গৰাকী লোক কোৰোনাত আক্ৰান্ত হোৱাৰ লগতে ১২ গৰাকী লোক কোৰোনাত আক্ৰান্ত হৈ মৃত্যু সাবতিব লগা হয়।

উল্লেখ্য যে, বিগত ২৪ ঘন্টাত দেশত প্ৰায় ৩ লক্ষাধিক লোকৰ দেশত কোৰোনা সংক্ৰমণ হৈছে। কোৰোনাকালীন সংকটময় সময়ত পুৱাই পশ্চিম বংগৰ বজাৰ সমূহ হোৱা জনসমাগমে কোৰোনাৰ দ্ৰুত সক্ৰমণত যে অৰিহণা যোগাব সেেয়া নিশ্চিত।