কোৰোনাৰ তৃতীয় ঢৌৰ পৰা কিদৰে ৰক্ষা কৰিব আপোনাৰ শিশুক…

কোৰোনাৰ তৃতীয় ঢৌৰ পৰা কিদৰে ৰক্ষা কৰিব আপোনাৰ শিশুক…

author-image
asomiyapratidin
New Update
কোৰোনাৰ তৃতীয় ঢৌৰ পৰা কিদৰে ৰক্ষা কৰিব আপোনাৰ শিশুক…

কোৰোনাৰ তৃতীয় ঢৌৰ পৰা কিদৰে ৰক্ষা কৰিব আপোনাৰ শিশুক…

Advertisment

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ দ্বিতীয় ঢৌৱে দেশত সংহাৰি ৰূপ ধাৰণ কৰি থকাৰ মাজতেই শীঘ্ৰেই কোৰোনাই দেশত তৃতীয়টো ঢৌ কঢ়িয়াই আনিব বুলি আশংকা কৰা হৈছে। ইতিমধ্যে দেশত ডেল্টা প্লাছৰ ভেৰিয়েণ্টৰ সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। মহাৰাষ্ট্ৰ, কেৰালে, মধ্যপ্ৰদেশ আদি কেইখনমান ৰাজ্যত ডেল্টা প্লাছৰ ভেৰিয়েণ্টৰ সংক্ৰমণৰ ঘটনা পোহৰলৈ অহাৰ পাছতে কেন্দ্ৰীয় চৰকাৰে বিষয়টোক গুৰুত্ব সহকাৰে লৈছে আৰু সকলো ৰাজ্যকে এই তৃতীয় ঢৌৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈ থাকিবলৈ দিছে। ইয়াৰ উপৰিও চিকিৎসা বিজ্ঞানীসকলে এই বিষয়ে অধ্যয়ন কৰিছে। কোৱা হৈছে এই তৃতীয় ঢৌত অধিক ক্ষতিগ্ৰস্থ হ'ব শিশুসকল।

ক্লিক কৰি পঢ়কঃ দেশত ক্ৰমান্বয়ে হ্ৰাস পাইছে কোৰোনাৰ সংক্ৰমণ..

কোৰোনাৰ তৃতীয় ঢৌৰ পৰা দেশৰ শিশুসকলক কিদৰে ৰক্ষা কৰিব পাৰি সেই বিষয়েও চৰ্চা আৰম্ভ হৈছে। ইয়াৰ মাজতে বিশাখাপট্টনম প'ৰ্ট ট্ৰাষ্ট গ'ল্ডেন জুবলি হস্পিটালে শিশুসকলক কোৰোনাৰ তৃতীয় ঢৌৰ পৰা ৰক্ষা কৰিবলৈ কেইটামান বিশেষ উপায় আগবঢ়াইছে।

শিশু আৰু অনুৰ্ধ্বৰ ২০ বছৰৰ লোকসকলৰ বাবে স্বাস্থ্য বিধান

  • শিশুসকল এই সময়ত নিজ ঘৰতেই থাকক।
  • বন্ধু তথা আত্মীয়ৰ ঘৰলৈ যোৱাৰ পৰা বিৰত থাকক।
  • অভিভাৱকসকলে শিশুক জনসমাগমস্থলীলৈ নিয়াৰ পৰা বিৰত থাকক।
  • প্ৰতিদিনে অন্ততঃ ২ বাৰ স্নান কৰক।
  • সঘনে হাত ধুৱাৰ উপৰিও ছেনিটাইজাৰ ব্যৱহাৰ কৰক।
  • শিশুক হাত ছেনিটাইজাৰ নকৰাকৈ চকু আৰু নাক স্পৰ্শ কৰিবলৈ নিদিব।
  • অভিভাৱকসকলেও শিশুক স্পৰ্শ কৰাৰ পূৰ্বে দুয়োখন হাত ভালকৈ ছেনিটাইজ কৰক।
  • শিশুৱে ব্যৱহাৰ কৰা সকলো সামগ্ৰী ছেনিটাইজ কৰক। ইয়াৰ উপৰিও ঘৰৰ মোবাইল, কম্পিউটাৰ, কীব'ৰ্ড, খেলাৰ সামগ্ৰী আদি সকলো ছেনিটাইজ কৰক।
  • প্ৰতিদিনে অন্ততঃ আধা ঘণ্টা শিশুক সূৰ্যৰ পোহৰত অৰ্থাৎ ৰ'দত বহিবলৈ বা খেলিবলৈ দিয়ক।
  • ঘৰৰ শৌচাগাৰ প্ৰতিদিনে বীজানুনাশকেৰে পৰিষ্কাৰ কৰক। ঘৰ সঘনাই ছেনিটাইজ কৰক।
  • গাৰু আৰু গাৰুৰ কভাৰ সময়ে সময়ে পৰিষ্কাৰ কৰক।
  • গৰম পানী ব্যৱহাৰ কৰিবলৈ দিয়ক।
  • টুথ ব্ৰাছ আৰু জিভা পৰিষ্কাৰক ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সাৱধান হ'ব। একেডাল টুথ ব্ৰাছ আৰু জিভা পৰিষ্কাৰক ব্যৱহাৰ নকৰিব।
  • সামাজিক দূৰত্ব, মাস্ক, ছেনিটাইজ ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰক।
  • কৰমৰ্দন কৰা, চুম্বন কৰা, সাৱটি ধৰাৰ দৰে কাৰ্যৰ পৰা বিৰত থাকক।

কোৰোনাৰ এই তৃতীয় ঢৌৰ পৰা ৰক্ষা পাবলৈ কেনেকুৱা আহাৰ খাব?

  • শিশুক প্ৰচুৰ পৰিমাণে উচ্চ প্ৰ'টিন জাতীয় খাদ্যৰ যোগান ধৰক।
  • প্ৰতিদিনে ২ টাকৈ কণী খাবলৈ দিয়ক।
  • চানা, সেউজীয়া শাক, ৰাজমাহ, সেউজীয়া মটৰ, সিজোৱা মাহজাতীয় শস্য আদি খাবলৈ দিয়ক।
  • প্ৰতিদিনে এগিলাছ গাখীৰ খাবলৈ দিয়ক।
  • সতেজ বতৰৰ ফল, শুকান ফল, নেমু,সেউজীয়া শাক-পাচলি আদি শিশুক খাবলৈ দিয়ক। ই শিশুৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰে।
  • কেৱল ঘৰত ৰান্ধা খাদ্যহে খাবলৈ দিয়ক।
  • ঘৰৰ বাহিৰ খাদ্য খোৱাটো বন্ধ কৰক।

আগতীয়া চিনাক্তকৰণ আৰু ৰোগ নিৰ্ণয়ঃ শিশু কোৰোনাত আক্ৰান্ত হৈছে নেকি সেই বিষয়ে আগতীয়াকৈ চিনাক্ত কৰিবলৈ অভিভাৱকসকলে শিশুৰ দেহত দেখা দিয়া বিভিন্ন লক্ষণৰ ওপৰত চকু দিব। শিশুৰ দেহত যদি জ্বৰ, মূৰৰ বিষ, দেহৰ বিষ, ডিঙিৰ বিষ, শুকান কাহ, দুৰ্বলতা, ভোক নোহোৱা, ঢিলা শৌচ, গাল, চকু আদিৰ বিষ আদিৰ দৰে লক্ষণে দেখা দিয়ে তেনেহ'লে শীঘ্ৰে কোভিড পৰীক্ষা কৰিবলৈ নাপাহৰিব। যদি এই কোভিড পৰীক্ষাত শিশু কোৰোনা পজিটিভ হিচাপে চিনাক্ত হয় তেনেহ'লে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক। প্ৰত্যক জন অভিভাৱকে নিজৰ ঘৰত থাৰ্মোমিটাৰ, পালচ অক্সিমিটাৰ আদি ৰাখক।