গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ মুঠ ৩২৮গৰাকী কয়দী আক্ৰান্ত কোৰোনাত…

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ মুঠ ৩২৮গৰাকী কয়দী আক্ৰান্ত কোৰোনাত…

author-image
asomiyapratidin
New Update
গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ মুঠ ৩২৮গৰাকী কয়দী আক্ৰান্ত কোৰোনাত…

ডিজিটেল ডেস্কঃ যোৱা বৃহস্পতিবাৰে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত কোৰোনাত আক্ৰান্ত হৈছে ১৮৪গৰাকী কয়দী। প্ৰথমে কৃষক তথা ছাত্ৰ নেতা ধৈৰ্য কোৱঁৰ, বিতু সোণোৱাল আৰু শেহতীয়াকৈ অখিল গগৈৰ দেহত কোৰোনা ভাইৰাছ ধৰা পৰাৰ পাছতে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত হোৱে এনে ভয়াৱহ সংক্ৰমণে বিশেশ তাৎপৰ্য বহন কৰিছে। বহুলোকে প্ৰশ্ন উত্থাপন কৰিছে যে, কাৰাগাৰত কোৰোনাৰ সংক্ৰমণৰ বিষয়টো লুকুৱাই ৰখাৰ চেষ্ট কৰা হৈছিল নেকি!

Advertisment

জনতাৰ মনত এই প্ৰশ্ন উদয় হোৱাটো স্বাভাৱিক, কিয়নো গুৱাহাটীৰ কাৰাগাৰত কোৰোনাকেন্দ্ৰিক পৰিস্থিতি শেহতীয়াকৈ অধিক অৱনতি হৈছে। কাৰাগাৰত থকা মুঠ ৩২৮গৰাকীৰ দেহত বৰ্তমানলৈ ধৰা পৰিছে কোৰোনা ভাইৰাছ।

ইফালে বৃহস্পতিবাৰে নিশা কোৰোনা ধৰা পৰা ১৮৪গৰাকীৰ ভিতৰত ৬০জনকে নিশাই কোভিড হস্পাতালত ভৰ্তি কৰা হয়। বাকী আক্ৰান্তক শুকুৰবাৰে বিভিন্ন হস্পাতালত ভৰ্তি কৰাৰ ব্যৱস্থা কৰা হৈছে।