আকৌ সম্পূৰ্ণ লকডাউন, কিন্তু ক’ত?

আকৌ সম্পূৰ্ণ লকডাউন, কিন্তু ক’ত?

author-image
asomiyapratidin
New Update
আকৌ সম্পূৰ্ণ লকডাউন, কিন্তু ক’ত?

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰত কোৰোনা মহামাৰীৰ দ্ৰুত সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ২৬ মাৰ্চৰ পৰা ৪ এপ্ৰিললৈ ৰাজ্যখনৰ বীড জিলাত প্ৰশাসনে সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে। যোৱা কেইবাদিনো ধৰি মহাৰাষ্ট্ৰ চৰকাৰে জনসাধাৰণক যাৱতীয় নিয়ম সমূহ পালন কৰিবলৈ আহ্বান জনোৱাৰ লগতে নিৰন্তৰভাৱে লকডাউনৰ সতৰ্কবাণীও জাৰি কৰিছিল।

সম্প্ৰতি  মহামাৰীৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰৰ প্ৰশাসনে ৰাজ্যখনৰ বীড জিলাত সম্পূৰ্ণ লকডাউনৰ সিদ্ধান্ত হৈছে। যোৱা ২৪ ঘণ্টাত দেশত কোৰোনাত আক্ৰান্ত হৈ ২৭৫ জন লোকৰ মৃত্যু হৈছে। মৃত্যু হোৱা লোকসকলৰ ভিতৰত ১৩২ জন লোকে মহাৰাষ্ট্ৰৰ। মহাৰাষ্ট্ৰত বৰ্তমানলৈকে ৫৩,৫৮৯ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে সমগ্ৰ দেশত মুঠ মৃত্যুৰ সংখ্যা ১,৬০,৪৪১ জন।