দিল্লীৰ মেট্ৰ’ ৰে’ল কৰ্পোৰেচনৰ যাত্ৰীসকলৰ বাবে বিশেষ নিৰ্দেশনা জাৰি….

দিল্লীৰ মেট্ৰ’ ৰে’ল কৰ্পোৰেচনৰ যাত্ৰীসকলৰ বাবে বিশেষ নিৰ্দেশনা জাৰি….

author-image
asomiyapratidin
New Update
দিল্লীৰ মেট্ৰ’ ৰে’ল কৰ্পোৰেচনৰ যাত্ৰীসকলৰ বাবে বিশেষ নিৰ্দেশনা জাৰি….

ডিজিটেল ডেস্কঃ দেশত কোৰোনা ভেকচিন প্ৰদানৰ কাৰ্যসূচী দ্ৰুত গতিত চলি থকাৰ সমান্তৰালভাৱে কোৰোনা সংক্ৰমণৰ ঘটনাও দিনে দিনে বাঢ়ি আহিছে। দিল্লীকে ধৰি কেইবাখনো ৰাজ্যত পুনৰ কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ ঘটনাই আকৌ দেশক সংকটৰ গৰাহলৈ ঠেলি দিছে ।

Advertisment

দিল্লীৰ মেট্ৰ'  ৰে'ল কৰ্পোৰেচনে (ডিএমআৰচি) দিল্লীৰ জনসাধাৰণক অধিক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। ডিএমআৰচিয়ে দ্বাৰা এক নিৰ্দেশনাও জাৰি কৰিছে। ডিএমআৰচিৰ নিৰ্দেশনাৰ অনুসৰি, প্ৰয়োজনীয় নীতি-নিৰ্দেশনা পালন নকৰিলে মেট্ৰ' ৰে'ল যাত্ৰীসকলে মোটা জৰিমনা ভৰিব লাগিব।

 মেট্ৰ' ৰে'লত ভ্ৰমণ কৰোঁতে সামাজিক দুৰত্ব পালন কৰা,  মাস্ক পৰিধান কৰা আৰু হাত চেনিটাইজেচন কৰাটো বাধ্যতামূলক। লগতে যিকোনো মেট্ৰ' ষ্টেচনৰ খোলাস্থানত থু-খেকাৰ পেলোৱাটো অপৰাধ হিচাপে গন্য কৰিব ।

লগতে কোভিড প্ৰট'কল উলংঘন কৰাৰ বাবে ২০০ টকালৈকে জৰিমনা আৰোপ কৰিব। বৰ্ধিত কোৰোনা সংক্ৰমণৰ প্ৰতি দৃষ্টি ৰাখি দিল্লী মেট্ৰ' ৰে'ল সেৱা অস্থায়ীভাৱে দীৰ্ঘ সময়ৰ বাবে বন্ধ কৰি ৰখা হৈছিল।