/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/01/CORONA-04.jpg)
ডিজিটেল ডেস্কঃ খ্ৰীষ্টমাছ আৰু ইয়াৰ পৰৱৰ্তী সময়ত থাৰ্টি ফাষ্ট, ১ জানুৱাৰীৰ আনন্দ, উল্লাসত দেশবাসী মতলীয়া হৈ থকাৰ মাজতে কোভিড আৰু কোভিডৰ নতুন প্ৰকাৰ অমিক্ৰনৰ সংক্ৰমনে তীব্ৰ ৰূপ ধাৰণ কৰিলে। মাত্ৰ এটা সপ্তাহৰ ভিতৰত দেশত দৈনিক কোভিড আক্ৰান্তৰ হাৰ ২৩৮ শতাংশলৈ বৃদ্ধি পালে।
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা অন্তিম ২৪ ঘণ্টাৰ তথ্যৰ ওপৰত চকু দিলে দেখা যায় যে ২৯ ডিচেম্বৰৰ পৰা ৪ জানুৱাৰীৰ ভিতৰত মুকলি কৰা তথ্যৰ দৈনিক আক্ৰান্তৰ হাৰ ২২ ডিচেম্বৰৰ পৰা ২৮ ডিচেম্বৰৰ ভিতৰত পোহৰলৈ অহা দৈনিক আক্ৰান্তৰ ঘটনাৰ শতকৰা হাৰৰ তুলনাত ৩ গুণতকৈও অধিক হৈছে। সামগ্ৰিক ভাৱে এই সময়ছোৱাত আক্ৰান্তৰ হাৰ ২৩৮ শতাংশ বৃদ্ধি পাইছে।
২২ ডিচেম্বৰত এম অ' এইচ এফ ডব্লিউৰ তথ্য অনুসৰি, ২৪ ঘণ্টাত সমগ্ৰ দেশত ৬,৩১৭ টা নতুন কোভিড-১৯ ৰ কেচ পোহৰলৈ আহিছিল। ২৩ ডিচেম্বৰত এই সংখ্যা ৭,৪৯৫ লৈবৃদ্ধি পাইছিল। একেদৰে ২৪ ডিচেম্বৰত ৬,৬৫০ গৰাকী, ২৫ ডিচেম্বৰত ৭,১৮৯ গৰাকী, ২৬ ডিচেম্বৰত ৬,৯৮৭ গৰাকী, ২৭ ডিচেম্বৰত ৬,৫৩১ গৰাকী আৰু ২৭ ডিচেম্বৰত ৬,৫৩১ গৰাকী লোক কোভিডত আক্ৰান্ত হয়। সেই অনুসৰি সপ্তাহটোত সমগ্ৰ দেশত মুঠ ৪৭,৫২৭ গৰাকী লোক নতুনকৈ কোভিডত আক্ৰান্ত হয়।
ইয়াৰ পিছত ২৯ ডিচেম্বৰ দিনটোত নতুনকৈ ৯,১৫ জন লোক কোভিডত আক্ৰান্ত হয়। পৰৱৰ্তী দিনটোত নতুনকৈ ১৩, ১৫৪ গৰাকী লোকৰ দেহত ধৰা পৰে কোভিড। বছৰৰ অন্তিম দিনটোত নতুনকৈ কোৰোনাত আক্ৰান্ত হয় ১৬, ৭৬৪ গৰাকী লোক। ইফালে থাৰ্টি ফাষ্টৰ আৰু নতুন বছৰৰ আনন্দত মতলীয়া হৈ থকাৰ মাজতে দেশত নতুনকৈ ২২,৭৭৫ গৰাকী লোক কোভিডত আক্ৰান্ত হয়।
ইয়াৰ পিছত ক্ৰমান্বয়ে ২ জানুৱাৰীত ২৭,৫৫৩ গৰাকী, ৩ জানুৱাৰীত ৩৩, ৭৫০ গৰাকী, মঙলবাৰ পুৱা প্ৰকাশিত তথ্য অনুসৰি দেশত কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ৪৭,৩৭৯ গৰাকীলৈ। যোৱা এটা সপ্তাহত, কোভিড আক্ৰান্তৰ সংখ্যা দেশত মুঠ ২৩৮ শতাংশ বৃদ্ধি পালে। কিন্তু চিকিৎসা বিশেষজ্ঞ আৰু চৰকাৰী বিবৃতি অনুসৰি, এই কোভিডত আক্ৰান্ত এইসকল লোকৰ অৱস্থা সুস্থিৰ। বেছিভাগ লোকেই চিকিৎসালয়লৈ যোৱা নাই। সেয়েহে আতংকিত হোৱাৰো প্ৰয়োজন নাই।