৩ জানুাৱীৰৰ পৰা ১৮ অনূৰ্ধ্বৰ কিশোৰ-কিশোৰীলৈ ভেকচিন : আজিয়েই বুক কৰক স্লট…

৩ জানুাৱীৰৰ পৰা ১৮ অনূৰ্ধ্বৰ কিশোৰ-কিশোৰীলৈ ভেকচিন : আজিয়েই বুক কৰক স্লট…

author-image
asomiyapratidin
New Update
৩ জানুাৱীৰৰ পৰা ১৮ অনূৰ্ধ্বৰ কিশোৰ-কিশোৰীলৈ ভেকচিন : আজিয়েই বুক কৰক স্লট…

ডিজিটেল ডেস্কঃ কোৰোনাৰ বিৰুদ্ধে চলি থকা যুঁজখন হ'ব অধিক শক্তিশালী। এইবাৰ দেশৰ কিশোৰসকলক কোভিড ভেকচিন দিবলৈ সাজু হৈছে স্বাস্থ্য বিভাগ। আগন্তুক ৩ জানুৱাৰীৰ পৰা দেশত আৰম্ভ হ'ব ১৫ ৰ পৰা ১৮ বছৰৰ বয়সৰ কিশোৰ-কিশোৰীক কোভিড ভেকচিন দিয়াৰ কাম। সেই উপলক্ষে ১ জানুৱাৰীৰ পৰা কোবিড ভেকচিন লোৱাৰ বাবে স্লট বুকিং উপলব্ধ হ'ব। এই ভেকচিন গ্ৰহণৰ বাবে অনলাইন মাধ্যমেৰে স্লট বুকিং কৰিব পাৰিব সকলোৱে।

Advertisment

স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ শিশুসকলক কেৱল ভাৰত বায়োটেকৰ হেভেকছিন প্ৰদান কৰা হ'ব। দেশত এই বয়সৰ লোকৰ সংখ্যা প্ৰায় ১০ কোটি। কোউইনৰ মুখ্য ড০ আৰ.এছ. শৰ্মাই এই প্ৰসংগত কৈছে যে, দশম শ্ৰেণীৰ পৰিচয় পত্ৰখনো পঞ্জীয়নৰ বাবে পৰিচয় প্ৰমাণ হিচাপে বিবেচনা কৰা হ'ব।