যোৱা দুমাহৰ ভিতৰত সৰ্বাধিক কোভিড সংক্ৰমণ, আহি পালেহি নেকি কোভিডৰ তৃতীয় ঢৌ….

যোৱা দুমাহৰ ভিতৰত সৰ্বাধিক কোভিড সংক্ৰমণ, আহি পালেহি নেকি কোভিডৰ তৃতীয় ঢৌ….

author-image
asomiyapratidin
New Update
যোৱা দুমাহৰ ভিতৰত সৰ্বাধিক কোভিড সংক্ৰমণ, আহি পালেহি নেকি কোভিডৰ তৃতীয় ঢৌ….

ডিজিটেল ডেস্কঃ আহি পালেহি নেকি কোভিডৰ তৃতীয় ঢৌ! আতংকিত নহ'লেও সতৰ্ক হোৱাটো প্ৰয়োজন হৈ পৰিছে। পুনৰ দেশত বৃদ্ধি পাইছে কোভিডত আক্ৰান্তৰ সংখ্যা। দেশৰ স্বাস্থ্য মন্ত্ৰনালয়ে বৃহস্পতিবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত কোভিডত আক্ৰান্তৰ সংখ্যা ৪৭,০৯২ জনলৈ বৃদ্ধি পাইছে।

Advertisment

উক্ত সময়ছোৱাত কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে ৫০৯ জনৰ। বুধবাৰে দেশত কোভিড আক্ৰান্তৰ সংখ্যা আছিল ৪১,৯৬৫ গৰাকী। মৃত্যু হোৱা লোকৰ সংখ্যা বুধবাৰে আছিল ৪৬০। যোৱা দুমাহত ভাৰতত কোভিডত ২৪ ঘণ্টাত সংক্ৰমণৰ সংখ্যা এইয়াই সৰ্বাধিক।

কেইবাখনো ৰাজ্যই দেশত কোভিড সংক্ৰমণ পুনৰ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি নিজাকৈ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। সংক্ৰমণৰ সংখ্যা হ্ৰাস পোৱাত শিক্ষানুষ্ঠান খোলাৰ লগতে স্বাভাৱিক ভাৱে জীৱন যাত্ৰা আৰম্ভ কৰাৰ সময়তে পুনৰ কোভিড সংক্ৰমণৰ সংখ্যা বৃদ্ধি পোৱাটো আন এক উদ্বেগৰ কাৰণ হৈ পৰিছে।