এখন বিদ্যালয়ৰ ৪৫ শিক্ষাৰ্থীৰ সৈতে শিক্ষক কোৰোনাত আক্ৰান্ত…

এখন বিদ্যালয়ৰ ৪৫ শিক্ষাৰ্থীৰ সৈতে শিক্ষক কোৰোনাত আক্ৰান্ত…

author-image
asomiyapratidin
New Update
এখন বিদ্যালয়ৰ ৪৫ শিক্ষাৰ্থীৰ সৈতে শিক্ষক কোৰোনাত আক্ৰান্ত…

ডিজিটেল ডেস্কঃ কোৰোনাৰ বাবে কদীৰ্ঘদিন বন্ধ হৈ আছিল শিক্ষানুষ্ঠান। লাহে লাহে দেশৰ সকলো প্ৰান্ততে খুলিবলৈ আৰম্ভ কৰিছে শিক্ষানুষ্ঠানসমূহ। কোৰোনাৰ ভয়াবহতাৰ মাজতো খুলিবলৈ আৰম্ভ কৰা শিক্ষানুষ্ঠানসমূহত মাজে সময়ে ২-১ এজন ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়ত্ৰী কোৰোনাত আক্ৰান্ত হৈছে। ইয়াৰ মাজতে এখন বিদ্যালয়ৰে মুঠ ৪৫ গৰাকীকৈ শিক্ষাৰ্থী একেলগে কোৰোনাত আক্ৰান্ত হোৱাৰ ঘটনাই এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Advertisment

চেলেংগানাৰ সংগাৰেড্ডী জিলাৰ মহাত্মা জ্যোতিবা ফুলে পিছপৰা শ্ৰেণী কল্যাণ বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। শিক্ষানুষ্ঠানখনৰ ৪৫ গৰাকী শিক্ষাৰ্থীৰ লগতে এজন শিক্ষক কোৰোনাত আক্ৰান্ত হৈছে। শিক্ষানুষ্ঠানখনত এইদৰে কোৰনাৰ ব্যাপক সংক্ৰমণ হোৱা ঘটান সংন্দৰ্ভত সাংগাৰেড্ডী জিলাৰ ডি এম আৰু এইচ অ' ড০ গায়ত্ৰীয়ে কৈছে যে আক্ৰান্ত শিক্ষাৰ্থীসকলৰ লগতে শিক্ষকগৰাকীক কোৱাৰেণ্টাইন কৰি চিকিৎসা কৰা হৈছে।

উল্লেখ্য যে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ মতে, ৰাজ্যখনত কৰোনাৰ মুঠ সক্ৰিয় ঘটনা হৈছে ৩,৫৩৫ টা। আনহাতে বিশ্বত আতংকৰ সৃষ্টি কৰা কোৰোনাৰ নতুন সংক্ৰমণ অমাইক্ৰন সম্পৰ্কীয় কোনো ঘটনা বৰ্তমানলৈকে পোহৰলৈ অহা নাই।