/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/covid-supreme-court.jpg)
ডিজিটেল ডেস্কঃ কৰোনা সংক্ৰমণৰ ফলত মৃত্যু হোৱা ব্যক্তিৰ নিকটাত্মীয়ক চৰকাৰী সাহায্য প্ৰদান কৰিব লাগে বুলি দাবী উত্থাপন হৈ আহিছিল। ইয়াৰ মাজতে এই বিষয়টোক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল বতিৰ্কৰো। কিন্তু দেশৰ উচ্চতম ন্যায়ালয়ে সোমবাৰে কোৰোনা সংক্ৰমণৰ ফলত মৃত্যুৰ বাবে ৫০,০০০ টকাৰ ক্ষতিপূৰণ পৰিশোধ কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰিকল্পনাত অনুমোদন জনাইছে।
ন্যায়ালয়ে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষক ক্ষতিপূৰণৰ বাবে নিৰ্দেশনা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে। সেই অনুসৰি, কোভিড-১৯ ৰ ফলত মৃত্যু হোৱা লোকৰ নিকটাত্মীয়ক ৩০ দিনৰ ভিতৰত ক্ষতিপূৰণ পৰিশোধ কৰিব লাগিব।সোমবাৰে এই বিষয়ত এক শুনানিৰ সময়ত ন্যায়াধীশ এম আৰ শ্বাহে কয় যে, মৃতকৰ পৰিয়ালক ৫০,০০০ টকা প্ৰদান কৰা হ'ব। ভুক্তভোগীৰ পৰিয়ালক ৰাজ্যিক দুৰ্যোগ সাহায্য পুঁজিৰ (এছ ডি আৰ এফ) পৰা ক্ষতিপূৰণ দিয়া হ'ব। এই পৰিমাণটো কেন্দ্ৰ আৰু ৰাজ্যৰ অন্যান্য কল্যাণমূলক আঁচনিতকৈ পৃথক হ'ব।
উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত পূৰ্বৰ শুনানিত কেন্দ্ৰীয় চৰকাৰে ভুক্তভোগী পৰিয়ালবোৰক ৫০,০০০ টকাৰ ক্ষতিপূৰণ পৰিশোধ কৰিবলৈ কৈছিল। চৰকাৰে ইয়াৰ বাবে উচ্চতম ন্যায়ালয়ত এখন শপতনামাও দাখিল কৰিছিল। চৰকাৰে কৈছিল যে মহামাৰীত সাহায্য অভিযানৰ সময়ত মৃত্যু হোৱা লোকসকলৰ নিকটাত্মীয়কো এই সহায় আগবঢ়োৱা হ'ব।