দেশত হ্ৰাস পাইছে কোভিড আক্ৰান্তৰ সংখ্যা, বুষ্টাৰ ড’জ প্ৰদানৰ বাবে বিশেষ ঘোষণা…

দেশত হ্ৰাস পাইছে কোভিড আক্ৰান্তৰ সংখ্যা, বুষ্টাৰ ড’জ প্ৰদানৰ বাবে বিশেষ ঘোষণা…

author-image
asomiyapratidin
New Update
অসমত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কোৰোনা আক্ৰান্ত লোকৰ সংখ্যা…

ডিজিটেল ডেস্কঃ দেশত কোভিড-১৯ সংক্ৰমন হ্ৰাস পাইছে। বিগত ২৪ ঘণ্টাত দেশত ১৬৬০ গৰাকী ব্যক্তিৰ দেহত ধৰা পৰিছে কোভিডৰ উপস্থিতি।এই সময়ছোৱাত ২,৩৪৯ গৰাকী লোক কোভিডৰ পৰা আৰোগ্য লাভ কৰিছে।

Advertisment

উল্লেখ্য যে এই মুহূৰ্তলৈকে দেশত ১,৮২.৮৭,৬৮,৪৭৬ গৰাকী লোকক কোভিডৰ ভেকচিন প্ৰদান কৰা হৈছে। কোভিডত আক্ৰান্ত হৈ দেশৰ ৫ লাখ ২০ হাজাৰ ৮৫৫ জন লোকে প্ৰাণ হৰুৱাইছে। তথ্য অনুসৰি এতিয়ালৈকে দেশৰ মুছ ৪,২৪, ৮০, ৪৩৬ গৰাকী লোক কোভিড সংক্ৰমণৰ পৰা আৰোগ্য লাভ কৰিছে।

দেশজুৰি টিকাকৰণ অভিযান অব্যাহত আছে। এতিয়ালৈকে দেশৰ ১৮২ কোটিতকৈও অধিক কৰোনা ভেকছিনৰ পালি দিয়া হৈছে। শুকুৰবাৰে ২৯,০৭,৭৪৯ পালি ভেকচিন প্ৰদান কৰা হৈছে। দেশত কোভিড বিৰোধী টিকাকৰণ অভিযান ১৬ জানুৱাৰী ২০২১ তাৰিখে আৰম্ভ হৈছিল আৰু প্ৰথম পৰ্যায়ত স্বাস্থ্যসেৱা কৰ্মীসকলক টিকাকৰণ কৰা হৈছিল।

ইফালে আন্তঃৰাষ্ট্ৰীয় বিমান চলাচল পুনৰ আৰম্ভ হোৱাৰ প্ৰতি লক্ষ্যৰাখি বুষ্টাৰ ড'জ প্ৰদানৰ বিষয়ে গ্ৰহণ কৰা হৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কেন্দ্ৰীয় চৰকাৰে বিদেশৰ পৰা অহা লোকসকলক কোভিডৰ বুষ্টাৰ পালি প্ৰদান কৰিব। ইয়াৰ বাবে, চৰকাৰে বুষ্টাৰ পালিত প্ৰদান কৰিবলগা ৰেহাইৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। এই সন্দৰ্ভত অতি শীঘ্ৰে এক নিৰ্দেশ জাৰি কৰিব পাৰি। ২৭ মাৰ্চৰ পৰা দেশত আন্তঃৰাষ্ট্ৰীয় বিমান চলাচল আৰম্ভ হ'ব। যাৰ বাবে চৰকাৰে এই সিদ্ধান্ত লৈছে।

ইউৰোপৰ বহুতো দেশত বাহিৰাষ্ট্ৰৰ পৰা অহা ভ্ৰমণকাৰীসকলৰ বাবে এক বুষ্টাৰ পালি বাধ্যতামূলক কৰা হৈছে। আনহাতে ভাৰতত কেৱল ৬০ বছৰৰ অধিক বয়সৰ লোকসকলেহে বুষ্টাৰ পালি প্ৰদান কৰা হৈছে।

উল্লেখ্য যে এই সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে স্বাস্থ্য মন্ত্ৰালয়লৈ পত্ৰ লিখিছিল। এই পত্ৰৰ আধাৰতে স্বাস্থ্য মন্ত্ৰালয়ে সিদ্ধান্ত লৈছে যে বিদেশলৈ যোৱা ভাৰতীয়সকলে যিকোনো ব্যক্তিগত চিকিৎসালয়লৈ গৈ বুষ্টাৰ পালি গ্ৰহণ কৰিব পৰা ব্যৱস্থা কৰা হ'ব। ইয়াৰ বিনিময়ত তেওঁলোকে এটা নিৰ্দিষ্ট মূল্য পৰিশোধ কৰিব লাগিব।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে স্বাস্থ্য মন্ত্ৰালয়লৈ পত্ৰ প্ৰেৰণ কৰি লিখিছে যে, যিসকলে অধ্যয়ন, চাকৰি, ব্যৱসায় বা ক্ৰীড়াৰ বাবে বিদেশলৈ গৈ আছে তেওঁলোকে তাৎক্ষণিক ভাৱে বুষ্টাৰ পালি প্ৰদানৰ ব্যৱস্থা কৰিব লাগিব। অনাগত দিনত লাখ লাখ মানুহ বিদেশলৈ যাব। এই পত্ৰখনৰ পিছত স্বাস্থ্য মন্ত্ৰালয়ত আলোচনা হৈছিল।