ভাল খবৰ, দেশত হ্ৰাস পাইছে কোৰোনা আক্ৰান্তৰ সংখ্যা…

ভাল খবৰ, দেশত হ্ৰাস পাইছে কোৰোনা আক্ৰান্তৰ সংখ্যা…

author-image
asomiyapratidin
New Update
ভাল খবৰ, দেশত হ্ৰাস পাইছে কোৰোনা আক্ৰান্তৰ সংখ্যা…

ডিজিটেল ডেস্কঃ দেশত ক্ৰমান্বয়ে হ্ৰাস পাইছে কোৰোনা আক্ৰান্তৰ সংখ্যা। বিগত দিনটোত দেশত ১.৫৮ লাখ লোক কোৰোনাত নতুনকৈ আক্ৰান্ত হৈছে। এই সময়ছোৱাত কোৰোনাৰ পৰা আৰোগ্য লাভ কৰিছে ২.৮০ লাখ লোক। আনহাতে মৃত্যু হৈছে ১,৭২১ গৰাকী কোৰোনা আক্ৰান্তৰ। উল্লেখ্য যে বিগত সোমবাৰৰ দিনটোত দেশত নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছিল ১,৬৭,০৫৯ জন লোক। সেই অনুসৰি সোমবাৰৰ তুলনাত মঙ্গলবাৰে প্ৰায় ৮,৫০০ লোক কমকৈ কোৰোনাত আক্ৰান্ত হৈছে। অৰ্থাৎ নতুনকৈ কোৰোনাত আক্ৰান্তৰ হাৰ ৫.৩৭ শতাংশ কম।

Advertisment

মন কৰিবলগীয়া যে বিগত ২০ জানুৱাৰীত চলিত বছৰত সৰ্বাধিক ৩.৪৭ লাখ লোক কোৰোনাত আক্ৰান্ত হৈছিল। ইয়াৰ পিছত ক্ৰমান্বয়ে কোৰোনা আক্ৰান্তৰ সংখ্যা হ্ৰাস পাবলৈ আৰম্ভ হৈছিল। বৰ্তমান, দেশত সক্ৰিয় কোৰোনা আক্ৰান্তৰ মুঠ সংখ্যা অৰ্থাৎ চিকিৎসাধীন ৰোগীৰ সংখ্যা হৈছে ১৬.১৩ লাখ। সক্ৰিয় ঘটনাৰ সংখ্যা আগৰ দিনৰ তুলনাত প্ৰায় ১,২৩,৩২৩ হ্ৰাস পাইছে। কোৰোনা আক্ৰান্তৰ মুঠ ঘটনাই ৪.১৬ কোটি সংখ্যা অতিক্ৰম কৰিছে।