দিল্লীত সম্পূৰ্ণ লকডাউন…

দিল্লীত সম্পূৰ্ণ লকডাউন…

author-image
asomiyapratidin
New Update
দিল্লীত সম্পূৰ্ণ লকডাউন…

ডিজিটেল ডেস্কঃ কোৰোনাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীত ৬ দিনৰ বাবে জাৰি কৰা হৈছে সম্পূৰ্ণ লকডাউন। সোমবাৰে নিশা ১০ বজাৰ পৰা আৰম্ভ হ'ব লকডাউন। ৬ দিনলৈ বাহাল থাকিব এই লকডাউন। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এখন সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে।

Advertisment

তেওঁ কয় যে, দিল্লীৰ পৰিস্থিতি ক্ৰমাৎ ভয়াবহ হৈ গৈ আছে। সেয়েহে লকডাউন দিয়াটো খুবেই প্ৰয়োজন। লকডাউন হ'লেহে সংক্ৰমণ হ্ৰাস পোৱাৰ আশা কৰিব পাৰি। লকডাউন দিয়াৰ বাহিৰে অন্য গত্যন্তৰ নাই। ৰাজ্যবাসীক সতৰ্ক হ'বলৈ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজধানী চহৰখনত বৰ্তমান অক্সিজেনৰ নাটনি হৈছে। অৱশ্যে এতিয়ালৈ কেন্দ্ৰীয় চৰকাৰে পৰ্যাপ্ত সহযোগিতা আগবঢ়াইছে। সকলোৱে একেলগে যুঁজিলেহে পৰিত্ৰাণ পোৱাটো সম্ভৱ হ'ব। সেয়েহে সংক্ৰমণ হ্ৰাস পোৱাৰ আশা কৰি লকডাউন জাৰি কৰা হৈছে।

উল্লেখযোগ্য যে, দেওবাৰে দিল্লীত ২৫৪৬২ জন লোকৰ দেহত কোভিড ১৯ ধৰা পৰিছিল। শনিবাৰৰ দিনা দিল্লীত কোভিডত মৃত্যু হৈছিল ১৬৭ জন লোকৰ। ইতিমধ্যে দিল্লী চহৰত সকলো অডিটৰিয়াম, ৰেষ্টুৰা, শ্বপিংমল ব্যায়ামগাৰ আদি বন্ধ কৰি দিয়া হৈছে।