/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/medical-corona.jpg)
ডিজিটেল ডেস্কঃ কোৰোনাৰ নতুন প্ৰকাৰ অমিক্ৰনকলৈ চৰ্চা চলি থকাৰ মাজতেই ৪৩ জনকৈ চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থী কোৰোনাত আক্ৰন্ত হোৱাৰ খবৰে এতিয়া উদ্বেগৰ সৃষ্টি কৰিছে। তেলেংগানাৰ বম্মাকালৰ চলমেদা আনন্দৰাও চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানখনৰ ৪৩ গৰাকী শিক্ষাৰ্থী কোৰোনা পজিটিভ হিচাপে ধৰা পৰিছে।
এই শিক্ষাৰ্থীসকলক এতিয়া আন এদল চিকিৎসকলৰ নিৰীক্ষণত ৰখা হৈছে আৰু তেওঁলোকক চিকিৎসা প্ৰদান কৰা হৈছে। উল্লেখ্য যে এই শিক্ষাৰ্থীসকলে শেহতীয়াকৈ শৈক্ষিক প্ৰতিষ্ঠানখনত অনুষ্ঠিত হোৱা বাৰ্ষিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল। ইয়াৰ পিছতে একাংশ শিক্ষাৰ্থীৰ দেহত কোৰোনা লক্ষণে দেখা দিছিল।
শৈক্ষিক প্ৰতিষ্ঠানখনৰ একাংশ শিক্ষাৰ্থীৰ দেহত কোৰোনাৰ লক্ষণ দেখা দিয়াৰ পিছতে শিক্ষাৰ্থীসকলক কোৰোনাৰ পৰীক্ষা কৰোৱা হৈছিল আৰু তেতিয়াই ৪৩ গৰাকী শিক্ষাৰ্থী কোৰোনাত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহে। এই ঘটনাৰ পিছতে শৈক্ষিক প্ৰতিষ্ঠানখনৰ লগতে হোষ্টেলসমূহ বন্ধ কৰা হৈছে।