কোভিডৰ তৃতীয় ঢৌৰ মাজতে আশাৰ খবৰঃ ২৪ ঘণ্টাত ১ লাখৰো অধিক লোক আৰোগ্য…

কোভিডৰ তৃতীয় ঢৌৰ মাজতে আশাৰ খবৰঃ ২৪ ঘণ্টাত ১ লাখৰো অধিক লোক আৰোগ্য…

author-image
asomiyapratidin
New Update
অসমত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কোৰোনা আক্ৰান্ত লোকৰ সংখ্যা…

ডিজিটেল ডেস্কঃ কোৰোনাৰ সংক্ৰমণে দেশত সৃষ্টি কৰা জটিলতাৰ মাজতে আহিছে এক ভালখবৰ। বিগত ২৪ ঘণ্টাত দেশত কোৰোনা সংক্ৰমণৰ পিছত ইয়াৰ পৰা মুক্ত হোৱা লোকৰ সংখ্যা ১ লাখৰো অধিক। কোৰোনাৰ তৃতীয় ঢৌৰ মাজত এইয়া দেশৰ বাবেই এক যোগাত্মক খবৰ। অৱশ্যে আক্ৰান্তৰ সংখ্যা এই ২৪ ঘণ্টাত পূৰ্বৰ দৰেই আছে। একেৰাহে অষ্টম দিনৰ বাবে দেশত ধাৰাবাহিক ভাৱে ১ লাখতকৈ অধিক আৰু দ্বিতীয় দিনৰ বাবে ২ লাখৰো অধিক লোকৰ দেহত সংক্ৰমণ হৈছে কোৰোনাৰ।

Advertisment

যোৱা ২৪ ঘণ্টাত সমগ্ৰ দেশত ২ লাখ ৬২ হাজাৰ ২২জন লোক কোৰোনাত আক্ৰান্ত হৈছে। পূৰ্বৰ ২৪ ঘণ্টাত এই সংখ্যা আছিল ২ লাখ ৪৭ হাজাৰ ১২ হাজাৰ লোক। এই সময়ছোৱাত ১ লাখ ৮ হাজাৰ ৭০৮ জন লোক কোৰোনাৰ পৰা আৰোগ্য লাভ কৰিছে। আনহাতে মৃত্যু হৈছে ৩১৪ জনৰ। দেশত বৰ্তমান কোৰোনাৰ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা ১২ লাখ ৬৫ হাজাৰ।

উল্লেখ্যে যে দেশত বৰ্তমানলৈকে মুঠ ৩.৬৫ কোটিৰো অধিক লোকৰ দেহত সংক্ৰমণ হৈছে কোৰোনাৰ। ইয়াৰ ভিতৰত ৩. ৪৮ কোটি কোভিড আক্ৰান্তই আৰোগ্য লাভ কৰিছে। মৃত্যু হৈছে ৪ লাখ ৮৫ হাজাৰ ৩৪৯ জনৰ।