/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/agrani-batory-3.jpg)
ডিজিটেল ডেস্কঃ দেশত দৈনিক কোৰোনাত আক্ৰান্ত হোৱা ব্যক্তিৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে। যিসময়ত কোৰোনাত তৃতীয় ঢৌ, ডেল্টা প্ৰকাৰৰ আতংকই বিৰাজ কৰিছে তেনে সময়তে এই দৰে দৈনিক কোৰোনাত আক্ৰান্ত হোৱা ব্যক্তিৰ সংখ্যা হ্ৰাস পোৱা বিষয়টোৱে স্বাভাৱিকতে আশাৰ বতৰা কঢ়িয়াই আনিছে।
ক্লিক কৰি পঢ়কঃ উত্তৰাখণ্ডৰ নতুন মুখ্যমন্ত্ৰী ধামিৰ 'অখণ্ড ভাৰত'ত নাই কাশ্মীৰৰ একাংশ, লাডাখ, লাক্ষাদ্বীপ..
বিগত ৭ টা দিনত ধাৰাবাহিকবাৱে দেশত প্ৰতিদিনে কোৰোনাত আক্ৰান্ত হোৱা ব্যক্তিৰ সংখ্যা ৫০ হাজাৰৰ তলত আছে। আনহাতে বিগত ২৪ ঘণ্টাত দেশত কোৰোনাত আক্ৰান্ত হোৱাৰ সংখ্যা ৪০ হাজৰৰো তললৈ হ্ৰাস পাইছে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত দেশত কোৰোনাত আক্ৰান্ত হোৱা মুঠ ব্যক্তিৰ সংখ্যা ৩৯,৭৯৬ গৰাকী। দেওবাৰৰ দিনটোত এই সংখ্যা আছিল ৪৩,০৭১ গৰাকী। আনহাতে এই সময়চোৱাত কোৰোনাত আক্ৰান্ত হৈ দেশত মৃত্যু হৈছে ৭২৩ গৰাকী ব্যক্তি। ইয়াৰ উপৰিও এই সময়চোৱাত কোৰোনাৰ পৰা সুস্থ হৈ স্বগৃহলৈ উভটি যোৱা ব্যক্তিৰ সংখ্যা ৪২,৯৫২ গৰাকী।