/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/corona-1.jpg)
ডিজিটেল ডেস্কঃ বিগত ২৪ ঘণ্টাত দেশত ২ লাখ ৫১ হাজাৰ ৬২৭ গৰাকী লোক নতুনকৈ কোভিড আক্ৰান্ত হৈছে। এই সময়ছোৱাত ৩.৪ লাখ লোক কোৰোনাৰ পৰা আৰোগ্য লাভ কৰিছে। আনহাতে এই সময়ছোৱাত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৬২৭ জন লোকৰ। ইয়াৰ পূৰ্বৰ ২৪ ঘণ্টাত ২ লাখ ৮৬ হাজাৰ ৩৮৪ গৰাকী লোক কোৰোনাত আক্ৰান্ত হৈছিল। মৃত্যু হৈছিল ৫৭৩ গৰাকী লোক।
উল্লেখ্য যে দেশত চিকিৎসাধীন সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২১.০৫ লাখ। কোৰোনাৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈকে দেশত প্ৰায় ৪.০৬ কোটি লোক সংক্ৰমিত হৈছে। দেশত ১৩ বছৰৰ পৰা ১৭ বছৰ বয়সৰ শিশুৰ টিকাকৰণে গতি লাভ কৰিছে। ইফালে, কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰেই সমগ্ৰ দেশতে বিদ্যালয় খোলাৰ বাবে নিৰ্দেশনা জাৰি কৰিব পাৰে। সংবাদ সংস্থা এএনআইৰ মতে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডব্যই বিদ্যালয় খোলাৰ বিষয়ে ৰাষ্ট্ৰীয় বিশেষজ্ঞ গোটৰ পৰা পৰামৰ্শ বিচাৰিছে। বিশেষজ্ঞ গোটে বিদ্যালয় খোলাৰ বাবে এটা আৰ্হিৰ পৰামৰ্শ দিব। সেই পৰামৰ্শৰ ভিত্তিতে বিদ্যালয় খোলাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে নতুন এছ অ' পি জাৰি কৰিব।