শিশুৰ বাবে মাস্ক বাধ্যতামূলক নহয়ঃ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰণালয়ৰ নতুন নিৰ্দেশনা…

শিশুৰ বাবে মাস্ক বাধ্যতামূলক নহয়ঃ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰণালয়ৰ নতুন নিৰ্দেশনা…

author-image
asomiyapratidin
New Update
শিশুৰ বাবে মাস্ক বাধ্যতামূলক নহয়ঃ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰণালয়ৰ নতুন নিৰ্দেশনা…

ডিজিটেল ডেস্কঃ কোৰোনা সংক্ৰমণ ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে নতুনকৈ প্ৰকাশ কৰিছে গাইডলাইন। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে নতুনকৈ জাৰি কৰা এই গাইডলাইনত বিশেষকৈ শিশুসকলৰ মাস্ক পৰিধান কৰা আৰু কোৰোনা প্ৰ'টকল সকঠোৰভাৱে পালন কৰাৰ ওপৰত গুৰুত্ব দিছে। স্বাস্থ্যমন্ত্ৰণালয়ে প্ৰকাশ কৰা গাইডলাইনত কোৱা হৈছে যে, ৫ বছৰৰ তলৰ শিশুসকলে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক নহয়। আনহাতে ১২ বছৰ ব তাতোকৈ অধিক বয়সৰ শিশু, কিশোৰে মাস্ক পৰিধান কৰিব লাগিব। আনহাতে ১৮ বছৰৰ তলৰ কিশোৰ-কিশোৰী তথা শিশুক চিকিৎসা কৰাৰ সময়ত অনোক্ল'নেল এণ্টিবডী দিয়া নহ'ব।

Advertisment

নতুন নিৰ্দেশনতা উল্লেখ কৰা অনুসৰি ৫5 বছৰ বা তাতকৈ কম বয়সৰ শিশুৱে মাস্ক পৰিধান কৰিব নালাগে। ৬ বছৰৰ পৰা ১১ বছৰ বয়সৰ শিশুৱে মাস্ক পৰিধান কৰিব নে নাই সেই বিষয়ে অভিভাৱকে সিদ্ধান্ত ল'ব। ১২ বছৰৰ ওপৰৰ কিশোৰ-কিশোৰীয়ে প্ৰাপ্তবয়স্কৰ দৰে মাস্ক ব্যৱহাৰ কৰিব লাগিব।

মন্ত্ৰালয়ে কৈছে যে অমিক্ৰন প্ৰকাৰৰ ফলত সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পাইছে কিন্তু ইয়াৰ ফলত গুৰুতৰ ৰোগৰ সংখ্যা অতি কম। মন্ত্ৰালয়ৰ মতে, কোৰোনা সংক্ৰমণৰ ফলত ১৮ বছৰৰ তলৰ শিশুৰ অৱস্থা যিমানেই গুৰুতৰ নহওঁক, তেওঁলোকক কোনো এণ্টিভাইৰেল ষ্টেৰইড বা মনোক্ল'নেল এণ্টিবডী দিব নালাগে। বিশেষকৈ কোনো লক্ষণ আৰু মৃদু লক্ষণ নথকা কোৰোনা ৰোগীৰ বাবে একেবাৰে ষ্টেৰইড ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে।