কোৰোনাৰ তৃতীয় ঢৌৰ মাজত দেশ : ২৪ ঘণ্টাত ভংগ হ’ল ৭ মাহৰ ৰেকৰ্ড…

কোৰোনাৰ তৃতীয় ঢৌৰ মাজত দেশ : ২৪ ঘণ্টাত ভংগ হ’ল ৭ মাহৰ ৰেকৰ্ড…

author-image
asomiyapratidin
New Update
অসমত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কোৰোনা আক্ৰান্ত লোকৰ সংখ্যা…

ডিজিটেল ডেস্কঃ দেশত এতিয়া কোৰোনাৰ তৃতীয় ঢৌ চলি আছে। বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ ৯০, ৯৪১ গৰাকী লোক কোভিডত আক্ৰান্ত হৈছে। এই সময়ছোৱাত ১৯, ১৬৩ গৰাকী লোক আৰোগ্য হৈছে আৰু ৩২৫ জন লোকৰ মৃত্যু হৈছে। এই সময়ছোৱাত নতুনকৈ কোৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা যোৱা ৭ মাহৰ তুলনাত সৰ্বাধিক। ইয়াৰ পূৰ্বে ২০২১ চনৰ জুন মাহত দেশত ৯১,৮৪৯ গৰাকী লোক কোৰোনাত আক্ৰান্ত হৈছিল।

Advertisment

উল্লেখ্য যে, ভাৰতত কোৰোনাৰ আৰম্ভণিক পৰা বৰ্তমানলৈকে ৩.৫১ কোটিৰো অধিক লোক কোৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছে। ইয়াাৰে ৩.৪৩ কোটি লোক সুস্থ হৈ উঠিছে। ৪.৮২ লাখ লোকে প্ৰাণ হেৰুৱাইছে আৰু ২.৭৯ লাখৰো অধিক ৰোগী চিকিৎসাধীন হৈছে।

দেশত মহামাৰীৰ আৰম্ভণিৰ পৰা ৩.৫১ কোটিৰো অধিক লোক কৰোনাৰ দ্বাৰা প্ৰভাৱিত হৈছে। ৩.৪৩ কোটি লোক সুস্থ হৈছে। ৪.৮২ লাখ লোকে প্ৰাণ হেৰুৱাইছে আনহাতে ২.৭৯ লাখৰো অধিক ৰোগী চিকিৎসাধীন হৈ আছে।

উল্লেখ্য যে, ভাৰতত যোৱা ২৪ ঘণ্টাত কোৰোনাত আক্ৰান্ত হোৱাৰ সংখ্য বুধবাৰৰ তুলনাত ৫৬.৫শতাংশৰো অধিক। দিল্লী, মহাৰাষ্ট্ৰ, পশ্চিম বংগ, উত্তৰ প্ৰদেশ আৰু কেৰালাকে ধৰি কেইবাখনো ৰাজ্যত কোভিড-১৯ ৰ ঘটনা পুনৰ বৃদ্ধি পাইছে। বুধবাৰে ৰাজধানী দিল্লীত কোভিড-১৯ৰ ৰোগীৰ দৈনিক সংখ্যা প্ৰায় দুগুণ বৃদ্ধি হৈছে৷

বুধবাৰে দিল্লীত ১০,৬৫৫জন লোকৰ দেহত নতুনকৈ ধৰা পৰে কোৰোনা। দিল্লীত কোৰোনা পজিটিভিটিৰ হাৰ ১১.৮৮ শতাংশলৈ বৃদ্ধি পাইছে আৰু ৮জনলোকৰ মৃত্যু হৈছে। লগতে মহাৰাষ্ট্ৰত বুধবাৰে ২৬,৫৩৮ টা নতুন কোভিডৰ ঘটনা ধৰা পৰে৷ এদিন পূৰ্বৰ তুলনাত ৪৩.৭১ শতাংশ বৃদ্ধি পাইছে। আনহাতে ৰাজ্যখনত আৰু ৮জন ৰোগী সংক্ৰমণত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে।