সাৱধান! কমা নাই কোৰোনাৰ সংক্ৰমণ…

সাৱধান! কমা নাই কোৰোনাৰ সংক্ৰমণ…

author-image
asomiyapratidin
New Update
সাৱধান! কমা নাই কোৰোনাৰ সংক্ৰমণ…

ডিজিটেল ডেস্কঃ যি সময়ত অসমত কোভিডৰ সংক্ৰমণ হ্ৰাস পাইছে, কোভিডৰ বাবে বাহাল হৈ থকা কোভিড সম্পৰ্কীয় নীতি -নিয়ম শিথিল কৰা হৈছে তথাপি কিন্তু দেশৰ কোভিড পৰিস্থিতি বৰ্তমান উন্নত নহয়। পূৰ্বৰ তুলনতা দেশত কোৰোনাৰ সংক্ৰমন হ্ৰাস পাইছিল যদিও বুধবাৰে কৰোনা সংক্ৰমণৰ সংখ্যা আকৌ এবাৰ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ, কোৰানাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে।

Advertisment

বিগত ২৪ ঘণ্টাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা কৰোনা সংক্ৰমণৰ পৰিসংখ্যাত প্ৰকাশ পাইছে কোৰোনাৰ সংক্ৰমণ বৃদ্ধিৰ তথ্য।
নতুন তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশত ৪৭,০৯২ গৰাকী লোক কৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছে। এই সময়ছোৱাত ৩৫,১৮১ জনৰো অধিক লোক আৰোগ্য হৈছে।বিগত ২৪ ঘম্টাত ৫০৯ জন লোক নিহত হৈছে।

দেশত কৰোনাৰ সংক্ৰমণৰ সংখ্যা প্ৰতিদিনে সলনি হৈ আছে। কেতিয়াবা যদি সংক্ৰমণ হ্ৰাস পাইছে কেতিয়াবা আকৌ বৃদ্ধি পাইছে। বিশেষকৈ কেৰালাত কোৰোনাৰ সংক্ৰমণ আকৌ এবাৰ দ্ৰুতগতিত বৃদ্ধি পাইছে।বুধবাৰে দেশৰ ভিতৰতে সৰ্বাধিক সংখ্যক কৰোনা ৰোগী চিনাক্ত হৈছে কেৰালাত।একেদৰে মহাৰাষ্ট্ৰতো বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ। ইফালে, ৰাজ্যখনত নিশাৰ কাৰফিউৰ কথা বিবেচনা কৰা হৈছে আৰু উত্তৰাখণ্ডত কৰোনাৰ কাৰফিউ ৭ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰা হৈছে।