/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/04/1-13.jpg)
ডিজিটেল ডেস্কঃ শনিবাৰে দিল্লীৰ মুখমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ৰাজ্যখনৰ কোৰোনাকালীন পৰিস্থিতি সন্দৰ্ভত অনলাইনযোগে এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত তেওঁ কয় যে, ৰাজ্যখনত কোৰোনাকালীন পৰিস্থিতি অতি গুৰুতৰ আৰু উদ্বেগজনক হৈ পৰিছে। ইতিমধ্যে বহু চিকিৎসালয়ত অক্সিজেন, ৰেমডেছিভিৰ ইনজেকশ্যন আৰু টচিলিজুমাব ঔষধৰ ক্ৰমাৎ নাটনি হৈছে।
অনলাইন যোগে সম্বোধন কৰা মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, বিগত ২৪ ঘন্টাত ৰাজ্যখনত নতুনকৈ সৰ্বাধিক ২৪ হাজাৰ লোক কোৰোনাত আক্ৰান্ত আক্ৰন্ত হয়। ইয়াৰ আগৰ দিনটোতো ৰাজ্যখনত মহামাৰী কোৰোনাত ১৯৪৮৬ জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ১৪১ জন লোকৰ মৃত্যু হৈছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us