দেশৰ ৪৫ বছৰৰ ঊৰ্ধ্বৰ সকলো কৰ্মচাৰীয়ে ল’ব লাগিব কোৰোনাৰ ভেকচিন

দেশৰ ৪৫ বছৰৰ ঊৰ্ধ্বৰ সকলো কৰ্মচাৰীয়ে ল’ব লাগিব কোৰোনাৰ ভেকচিন

author-image
asomiyapratidin
New Update
দেশৰ ৪৫ বছৰৰ ঊৰ্ধ্বৰ সকলো কৰ্মচাৰীয়ে ল’ব লাগিব কোৰোনাৰ ভেকচিন

ডিজিটেল ডেস্কঃ দেশত পুনৰ দ্ৰুত গতিত বাঢ়িব ধৰিছে কোৰোনা ভাইৰাছৰ সংক্ৰমণ। কৰোনাৰ এই সংহাৰ ৰূপৰ প্ৰতি লক্ষ্য কৰি কেন্দ্ৰীয় কৰ্মচাৰী মন্ত্ৰ্যালয়ে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এক নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনা কোৱা হৈছে যে, ৪৫ বছৰৰ ঊৰ্ধ্বৰ সকলো কৰ্মচাৰীয়ে ল'ব লাগিব ভেকচিন। ইয়াৰ উপৰিও সকলো কৰ্মচাৰীয়ে কোৰোনাৰ বাবে হাত সাৰিবলৈ ল'ব লগা সকলো সাবধানতা গুৰুত্ব সহকাৰে পালন কৰিব লাগিব।

Advertisment

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে মঙলবাৰে জনোৱা তথ্য অনুসৰি, বিগত ২৪ ঘন্টাত দেশৰ সৰ্বাধিক ৪৩ লাখতকৈয়ো অধিক লোকক টিকাকৰণ কৰা হয়। মন্ত্ৰ্যালয়ৰ তথ্য মতে, দেশত মুঠ ৮.৩১ কোটি লোকৰ ভেকচিন দিয়া হৈছে। মন্ত্ৰ্যালয়ে কয় যে, যিসকল লোকৰ দেহত সহজে কোৰোনা ভাইৰাছ সংক্ৰমিত হ'ব পাৰে সেইসকলকহে প্ৰথমে অগ্ৰাধিকাৰ দিয়া হৈছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ সচিব ৰাজেশ ভূষণে মঙলবাৰে এখন সংবাদমেল সম্বোধন কৰি কয়- ''টিকাকৰণৰ মূল উৰ্দ্দেশ্য হৈছে দেশত মৃত্যুৰ হাড় হ্ৰাস কৰা আৰ স্বাস্থ্য সেৱা প্ৰণালীক সুৰক্ষিত কৰা।'' উল্লেখ্য যে, ভাৰতীয় চিকিৎসা সংস্থা(আই এম এ)য়ে দেশত ১৮ বছৰৰ ঊৰ্ধ্বৰ লোককো কোৰোনাৰ ভেকচিন দিয়াৰ দাবীত প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰে।