ভাৰতলৈ আহি আছে ৬ কোটি পালি ৰাছিয়ান কোভিড ভেকচিন স্পুটনিক-ভি

ভাৰতলৈ আহি আছে  ৬ কোটি পালি ৰাছিয়ান কোভিড ভেকচিন স্পুটনিক-ভি

   ভাৰতলৈ আহি আছে ৬ কোটি পালি ৰাছিয়ান কোভিড ভেকচিন স্পুটনিক-ভি    

ডিজিটেল ডেস্ক: বিদেশী কোভিড ভেকচিন ফাইজাৰ আৰু মডাৰ্ণাৰ পাছত ভাৰতক ৰাছিয়ান ভেকচিন স্পুটনিক যোগান ধৰাৰ আগ্ৰহ কৰিছে ফৰ্মা ৰেগুলটৰী লিমিটেড নামৰ ইউপীয় কোম্পানীটোৱে। মাল্টাৰ কোম্পানীটোৱে স্পুটনিকৰ ৬ কোটি পালি পোনপটীয়াকৈ হাৰিয়ানালৈ প্ৰদান কৰাৰ বাবে ইচ্ছা  প্ৰকাশ কৰিছে । কিন্তু হাৰিয়ানা চৰকাৰে প্ৰকাশ কৰা অনুসৰি কোম্পানীটোৱে এই সন্দৰ্ভত  কোনো চুক্তি প্ৰদান কৰা নাই। বিদেশী কোম্পানীটোৱে প্ৰতি পালি ভেকচিনৰ বিক্ৰী মুল্য ১,১২০ টকা ধাৰ্য কৰাৰ বাবে প্ৰস্তাৱ দিছে ।

কোম্পানীটোৱে প্ৰথম পৰ্যায়ত ৫ লাখ পালি ভেকচিন যোগানৰ বাবে ৩০ দিনৰ সময় সিমা প্ৰদান কৰিছে আৰু তেওঁলোকে জাৰী কৰা ঋণ পত্ৰৰ বিপৰীতে যোগান সম্পূৰ্ণ নোহোৱা পৰ্যন্ত প্ৰতি ২০  দিনৰ বিপৰিতে ১০ লাখ পালি যোগান ধৰাৰ কথা উল্লেখ কৰে ।  উল্লেখ যোগ্য যে হাৰিয়ানা মেডিকেল চাৰ্ভিচেছ লিমিটেডে ২৬ মে' ত ফাৰ্মা কোম্পানী সমূহলৈ পোনপটীয়াকৈ ভেকচিন যোগান ধৰিবলৈ আমন্ত্ৰন জনাই বিশ্বব্যাপী এক জাননী প্ৰদান কৰিছিল। আৰু জাননি খনত কিছুমান চৰ্তৱলী প্ৰকাশ কৰা হৈছিল।  এই জাননীয়ে কেইবাদিনো অতিক্ৰম কৰাৰ পাছতো কোনো ধৰণৰ খবৰ নহাৰ বাবে শুকুৰ বাৰে প্ৰক্ৰিয়া বন্ধ কৰা হৈছিল।

শেহতিয়াকৈ শনি বাৰৰ দিনটোত এই মাল্টাৰ কোম্পানীটোৰ পৰা এই খবৰটো অহা বুলি এক বিবৃতি  যোগে  প্ৰকাশ কৰে ৰাজ্য খনে । এই বিদেশী কোম্পানীটোৱে ভাৰতক ভেকচিন প্ৰদান কৰিবলৈ ইচ্ছুক হোৱাৰ কথা প্ৰকাশ কৰিছে যদিও জাননী খনত  উল্লেখ কৰা চৰ্ত সমূহৰ ক্ষেত্ৰত কোম্পানীটোৱে এতিয়াও কোনো ধৰণৰ স্পষ্টতা প্ৰদান কৰা নাই সেয়ে এই বিষয়টোৰ ওপৰত পুনৰ আলোচনা কৰাৰ কথা উল্লেখ কৰে হাৰিয়ানাৰ মুখ্য স্বাস্থ্য সচিব ৰাজিব অৰোৰাই। উল্লখ যোগ্য যে ভাৰত চৰকাৰে কোভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে টিকাকৰণৰ যি প্ৰচেষ্টা হাতত লৈছে তাৰ বাবে অনোমোদন জনোৱা ভেকচিন সমূহৰ ভিতৰত স্পুটনিক-ভি হৈছে অন্যতম।

এই কোম্পানিটোৱে ভাৰতলৈ আশাৰ বতৰা কঢ়িয়াই আনাৰ সময়তে অন্য এক ভাল খবৰ আহিছে এইবাৰ ব্ৰাজিলে ক্ৰয় কৰিব ভাৰতৰ বায়'টেকৰ  কোম্পানীৰ দ্বাৰা প্ৰস্তুত হোৱা কভাক্সিন। পুৰ্বে কভাক্সিন ব্যৱহাৰত বাধা আৰোপ কৰিছিল যদিও শেহতিয়াকৈ ব্ৰাজিলে কিছু চৰ্ত অনুসৰি দক্ষিণ আমেৰিকাৰ দেশলৈ ভাৰতৰ কোভাক্সিন আমদানিৰ কৰাৰ প্ৰস্তাৱত অনুমতি প্ৰদান কৰিছে ।ব্ৰাজিলৰ ৰাষ্ট্ৰীয় স্বাস্থ্য নিৰীক্ষণ সংস্থা "আনভিছাৰ" অনুমোদন অনুসৰি  প্ৰথম পৰ্যায়ত ব্ৰাজিলে ৪০ লাখ পালি  কভাক্সিনৰ কোভিড ভেকচিন আমদানি কৰাৰ কথা উল্লেখ কৰিছে । ব্ৰজিলত এই কোভিড ভেকচিন সমূহ ব্যৱহাৰ আৰু নিৰীক্ষনৰ ওপৰত নিৰ্ভৰ কৰি পৰবৰ্তী পৰিমাণ ধাৰ্য কৰা হ'ব বুলি উল্লেখ কৰিছে।        

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in