মই প্ৰধানমন্ত্ৰীৰ সৈতে কথা পাতিব বিচাৰোঃ অৰবিন্দ কেজৰিৱাল…

মই প্ৰধানমন্ত্ৰীৰ সৈতে কথা পাতিব বিচাৰোঃ অৰবিন্দ কেজৰিৱাল…

ডিজিটেল ডেস্কঃ দিল্লীত ৰেচন ড'ৰ ষ্টেপ ডেলিভেৰী যোঁজনাত বাধা প্ৰদান কৰাৰ পাছত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া। মুখ্যমন্ত্ৰী কেজৰিৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰিবলৈ ইচ্ছা ব্যক্ত কৰিছে। তেওঁ কয় – 'প্রধানমন্ত্ৰী মোডীজী মই আপোনাৰ সৈতে কথা পাতিব বিচাৰো। যদি মই কিবা ভুল কৰিছো তেন্তে মোক ক্ষমা কৰি দিব।'

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে লগতে কয় যে, অহা সপ্তাহৰ পৰা ঘৰে ঘৰে ৰেচন পঠিওৱাৰ কাম আৰম্ভ হ'বলগীয়া আছিল। ইয়াৰ ফলত কোনো লোকে ৰেচনৰ বাবে শাৰী পাতিবলগীয়া নহ'ল হেঁতেন। সকলোৰে ঘৰলৈ কেনেকৈ ৰেচন পঠিয়াব লাগে সেই সন্দৰ্ভত সকলো প্ৰস্তুতি প্ৰায় সম্পন্ন হৈছিল। এই কাম অহা সপ্তাহৰ পৰা আৰম্ভ হ'ব লগা আছিল। এনে এটা ভাল কাম হ'বলৈ উলিওৱাৰ আগতে আপুনি হঠাৎ দুদিন পূৰ্বে ইয়াক বন্ধ কৰি দিলে বুলিও প্রধানমন্ত্ৰীক উদ্দেশ্যি কয় দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে।

'যোৱা ৭৫ বছৰত সৰ্বসাধাৰণ ৰাইজে ৰেচন মাফিয়াৰ বাবে হাৰাশাস্তি খাই আহিছে। এই ৰেচন মাফিয়াসকল বহুত শক্তিশালী। আজিৰ পৰা ১৭ বছৰ পূৰ্বে এই ৰেচন মাফিয়াক মই সকীয়াই দিছিলো। সেই সময়ত মই এটা এন জি অ'ত কাম কৰিছিলো।'- বুলি কয় মুখ্যমন্ত্ৰী কেজৰিৱালে। লগতে তেওঁ কয় যে- যদি ঘৰে ঘৰে গৈ ৰেচন যোগান ধৰা যোঁজনাটো আৰম্ভ হ'ল হেঁতেন তেন্তে ৰেচন মাফিয়া শেষ হৈ গ'ল হেঁতেন।

দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে লগতে কয়- এতিয়ালৈকে দেশত যিমানবোৰ চৰকাৰ আহিল সকলোৱে ৭৫ বছৰত সৰ্বসাধাৰণ ৰাইজে শাৰী পাতিবই লগা হৈছে। আৰু ৭৫ বছৰলৈ তেওঁলোকক শাৰী পাতিবলৈ নিদিব ৰেচনৰ বাবে। নহ'লে তেওঁলোকে মোক আৰু আপোনালোকক কেতিয়াও ক্ষমা নকৰে।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in